সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সংখ্যা ।


১৭। ০, ১, ২ এই তিনিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটাৰ নাম কোৱা।

১৮। ৭৯৫ এই সংখ্যাটিৰ অঙ্ক সালসলনি কৰিলে অইন কি কি সংখ্যা হ’ব? সিহঁতৰ আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটা উলিৱা।

১৯। ৫০ৰ তলৰ কিমান সংখ্যাত ৫ অঙ্কটো থাকিব আৰু সিহঁতৰ কোন কোন সংখ্যাত ৫এ কেৱল তাৰ প্ৰকৃত মূল্য বুজাব?

২০। মূল অঙ্ক কেইটা? আৰু কি কি? সিহঁতৰ মূল্যৰ সালসলনি কেতিয়া হয়?

২১। ১০০ৰ তলৰ কোন কোন সংখ্যাত ২এ তাৰ প্ৰকৃত মূল্য বুজায় আৰু কোন কোন সংখ্যাত তাৰ মূল্য প্ৰকৃত মূল্যৰ দহগুণ হ’ব?

২২ | ১০০ আৰু ১০০০ৰ ভিতৰত কোন কোন সংখ্যাৰ অঙ্ক য’তে ত’তে বহুৱালেও আচল মূল্যৰ একো লৰচৰ নহয়?

২৩। তিনিটা অঙ্কৰে লিখিব পৰা নিচেই ডাঙৰ আৰু সৰু সংখ্যা কি?

২৪। আঠহেজাৰ আঠ, এহেজাৰ এশ এক, তিনি হেজাৰ তেৰ, পাঁচ হেজাৰ দুশ আৰু ষোলশ অঙ্কেৰে লিখা।

২৫। ৯৯৯ লৈকে সংখ্যাবোৰ যি যি অঙ্কেৰে লিখা হয় সিহঁতৰ স্থানীয় মূল্য প্ৰকৃত মূল্যতকৈ কিমান বাঢ়ে?


দ্বিতীয় পাঠ।
৪।দহ, শ, আৰু হেজাৰ।
 দহ দহে এশ
 দহ শই এহেজাৰ

চাবলগীয়া :—দহোটা বস্তু একেলগে থাকিলেই ১ দহ বোলে।তেনেকুৱা দহোটা দহ লগ লাগিলে এশ হয়। দহ শই যেনেকৈ এহেজাৰ