এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় পাঠ।
সংখ্যা ভাঙনি।
১ম উদাহৰণ। তোমাক ৭টা মাৰ্বল দিয়া হ'ল। এই মাৰ্ব্বল কেইটা কেইবাৰকৈ ২টা, ৩টা আৰু ৪টা ভাগত ভগাব পাৰিবা?
(১) মাৰ্ব্বল ৭টা তলত দিয়া দৰে এবাৰ দুটা দুটা ভাগত ভগাব পাৰি:—
২য় বাৰ ● ● ● ● ● ● ● [৫ আৰু ২]
(২) ৪বাৰ ৩টা ভাগত ভগাব পাৰি:—
| ১ম বাৰ ● | ● | ● ● ● ● ● | [১, ১ আৰু ৫] |
| ২য় বাৰ ● | ● ● | ● ● ● ● | [১, ২ আৰু ৪] |
| ৩য় বাৰ ● ● | ● ● | ● ● ● | [১, ২ আৰু ৩] |
| ৪ৰ্থ বাৰ ● | ● ● ● | ● ● ● | [১, ৩ আৰু ৩] |
(৩) ৪টা ভাগ ৩ বাৰ কৰিব পাৰি :—
| ১ম বাৰ ● | ● ● | ● ● | ● ● | [১, ২, ২ আৰু ২] |
| ২য় বাৰ ● ● ● | ● | ● | ● ● | [৩, ১, ১ আৰু ২] |
| ৩য় বাৰ ● ● ● ● | ● | ● | ● | [৪, ১, ১ আৰু ১] |
ওপৰৰ উদাহৰণটিভ দেখা গল যে ৬ আৰু ১; ৫ আৰু ২; ৪ আৰু ৩; ১, ২ আৰু ৪; ২, ২ আৰু ৩; ১, ৩ থাক ৩; ১, ২, ২ আৰু ২; ৩, ১, ১ আৰু ২; ৪, ১, ১ আৰু ১—এই সংখ্যাবোৰৰ পৃথক পৃথক যোগফল ৭।