সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
পাটীগণিত

 ১২। ৮ৰ স্থানীয় মান থিৰ কৰা:—
 ৫৮১; ১৮৫; ৮১৫; ৫১৮; ৮৫১।

 ১৩। ৭৫০, ৫৭০ আৰু ৫০৭; এই তিনটা সংখ্যাৰ প্ৰত্যেকটিতে ৫ আৰু ৭ৰ স্থানীয় মূল্য নিৰূপণ কৰাঁ। এই তিনি সংখ্যাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?

 ১৪। তলত দিয়া সংখ্যা কেইটাৰ প্ৰত্যেক অঙ্কৰ স্থানীয় মূল্য স্থিৰ কৰা:—
 ৪৭১; ৫৩২, ৫৩৪, ১০২, ৮-৩২।

 ১৫। ১, ৪ আৰু ০ এই তিনটা অঙ্কেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান?

 ১৬। ৪, ৫ আৰু ৭ এই তিনটা অঙ্কেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটি উলিৱা।

 ১৭। ০, ১ আৰু ২ এই তিনটা অঙ্কেৰে লিখিব পৰা আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটাৰ নাম কোৱা।

 ১৮। ৭৯৫ এই সংখ্যাটিৰ অঙ্ক সালসলনি কৰিলে অইন কি কি সংখ্যা হ'ব? সিহঁতৰ আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটি উলিৱা।

 ১৯। ৭৫ৰ তলৰ কিমান সংখ্যাত ৫ অঙ্কটো থাকিব আৰু সিহঁতৰ কোন কোন সংখ্যাত ৫এ কেৱল তাৰ প্ৰকৃত মূল্য বুজাব?

 ২০। মূল অঙ্ক কেইটা, আৰু কি কি? সিহঁতৰ মূল্যৰ সালসলনি কেতিয়া হয়?