এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গ্ৰন্থকাৰৰ নিবেদন
১৯৫১ চনৰ পাঠ্য-বিষয় অনুযায়ী সংশোধন কৰা অৱস্থাত বিশিষ্ট শিক্ষাবিদ সকলৰ দ্বাৰা পৰীক্ষিত আৰু অনুমোদিত এই ক্ষুদ্ৰ গ্ৰন্থ ছ'ভাগ শিক্ষাৰ্থী সকলৰ ব্যৱহাৰৰ কাৰণে ছপাই উলিয়াবলৈ পাই নিজে বৰ সুখী হৈছো। এই ক্ষুদ্ৰ গ্ৰন্থ দুখনি উঠি অহা ভবিষ্যত নাগৰিক সকলৰ যৎকিঞ্চিৎ সহায় হলেও নিজকে নিজে ধন্য মানিম। পৰীক্ষা প্ৰাৰ্থনীয়।
নয়া পইচা সংশ্লিষ্ট পৰিশিষ্ট এইবাৰ লগতে ছাপা কৰা হল। ইয়াতো শ্ৰীমান জুৰণচন্দ্ৰ দাসৰ প্ৰশংসাৰ ভাগ আছে।
যোৰহাট |
শ্ৰীচন্দ্ৰনাথ দত্ত ফুকন। |