সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
পাটীগণিত

২৭ৰ মূল্য দুদহ সাত অৰ্থাৎ ৭এ তাৰ প্ৰকৃত একক স্থানীয় মূল্য ৭টা এক আৰু ২এ দশক স্থানীয় মূল্য ২ দহ বুজাইছে।

 ৪। এতিয়া দেখা গ'ল যে ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ এই কেইটাই মূল অঙ্ক বা চিন। ইহঁত ওচৰাওচৰিকৈ বহিয়েই একোটা ডাঙৰ সংখ্যা তৈয়াৰ কৰে। এতেকে মূল অঙ্ক মুঠতে ৯টা। এই ৯টা অঙ্ক ওচৰাচৰিকৈ বহি ১০ৰ পৰা ৯৯ লৈকে যিবোৰ দুটীয়া অঙ্কৰ সংখ্যা কৰিছে সিহঁতৰ প্ৰত্যেকটোৰে সোঁহাতৰ অঙ্কই একক স্থানীয় ( অৰ্থাৎ তাৰ প্ৰকৃত) মূল বুজাইছে আৰু বাওঁহাতৰটোৱে তাৰ আচল মূল্যৰ দহগুণ বুজাইছে। সেইদৰে ১০০ৰ পৰা ৯৯৯ লৈ ৩টা অঙ্কেৰে লিখিব পৰা সংখ্যাবোৰৰ প্ৰত্যেকটোৰে সোঁহাতৰ পৰা দ্বিতীয় অঙ্কটিয়ে প্ৰকৃত মূল্যৰ দহগুণ আৰু তৃতীয়টিয়ে প্ৰকৃত মূল্যৰ ১০০ গুণ বুজাব। যেনে ১২৫ এই অঙ্কটোত ৫ এ তাৰ প্ৰকৃত মূল্য ৫কে বুজাইছে, ২এ ২দহ আৰু ১এ ১শ বুজাইছে।

 ৫। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে দুই নাইবা সৰহ অঙ্ক ওচৰা-ওচৰিকৈ বহি যি সংখ্যা কৰে সেই সংখ্যাৰ সোঁহাতৰ অঙ্কটোৰ পৰা আৰম্ভ কৰি বাওঁফাললৈ অঙ্কবোৰৰ মূল্য ক্ৰমাৎ দহগুণকৈ বাঢ়ে। তলত দিয়াদৰে ৩টা ঘৰ সাজি ১০০ পৰা ৯৯৯ লৈ সংখ্যাবোৰ লিখি যাব পাবি :—