সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিবিধ প্ৰশ্নমালা

 ৩। এটা আঙুলিত ৪টা পাব থাকে। ৪টা আঙুলিৰ পাব কেইটা?

 ৪। এপাব কুঁহিয়াৰৰ দাম ২ পইচা হলে ৬ পাবৰ দাম কিমান?

 ৫। শাৰীত ১০ জোপাকৈ ৮ শাৰী ফুল কলে কিমান ফুল গছ ৰোৱা হব?

 ৬। তোমাৰ হাতত ৪টা আম আছে। তোমাক যদি যদুৱে আৰু ৩টা আম দিয়ে তোমাৰ হাতত থকা আম কিমান হব?

২। বিবিধ প্ৰশ্নমালা (২)

 ১। তোমালোক দুজনৰ হাতৰ আৰু ভৰিৰ আঙুলি কিমান?

 ২। তিন ডাল পেঞ্চিল মাটিত থোৱা। তাতে ময়ো এডাল খওঁ যদি মুঠতে কেইডাল হব?

 ৩। তোমাৰ ভৰি কেইটা? তোমালোক তিনজনৰ ভৰি কেইটা?

 ৪। তোমালোক পাঁচজনৰ মূৰ কেইটা? চকু কেইটা? হাত কেইখন?

 ৫। এটা ঘোঁৰা আৰু এটা গৰুৰ ঠেং কেইখন?