সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিবিধ প্ৰশ্নমালা

 ৩। ২ অনা দামৰ দোৱাত এটাৰ লগলৈ সেই দামৰে আৰু ৩ টা দোৱাত আনিলে কিমান দাম দিয়া হব? দোৱাত কেইটা হব?

৭ম উদাহৰণ।

 একোটা পোষ্টকাৰ্ডৰ দাম পাঁচ নয়া পইচা, লেফাফাৰ দাম ১৫ নয়া পইচা আৰু লেটাৰ কাৰ্ডৰ দাম ১০ নয়া পইচা হলে,—

 ১। এটা পোষ্টকাৰ্ড আৰু এটা লেফাফাৰ দাম কিমান?

 ২। এটা লেফাফা আৰু এখন লেটাৰ কাৰ্ডৰ দাম কিমান?

 ৩। এটা পোষ্টকাৰ্ড, এখন লেটাৰ কাৰ্ড আৰু এটা লেফাফাৰ দাম কিমান?

 ৪। ভূমি ৪টা লেফাফা কিনি আনিলা। তাৰে ১টা লেফাফা ভায়েৰাক দিলা। তোমাৰ হাতত কেইটা থাকিল? লেফাফা কিনি তোমাৰ কাৰণে কিমান খৰচ কৰিলা আৰু ভায়েৰাৰ কাৰণে কিমান খৰচ কৰিলা?

 ৫। কটকী পুখুৰীৰ পৰা যোৰহাট বজাৰলৈ ২ মাইল আৰু যোৰহাট বজাৰৰ পৰা কেন্দুগুৰিলৈ ৩ মাইল দূৰ। এজন মানুহে যোৰহাট বজাৰৰ মাজেদি কটকী পুখুৰীৰ পৰা কেন্দুগুৰিলৈ যাব লগা হলে কেই মাইল খোজ কাঢ়িব লাগিব?