পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পদ্মপুৰাণ

সাৰোদ্ধাৰ ৰত্ন নাম, ইটো কথা অনুপাম,
 ব্ৰহ্মা আগে কৈলা নাৰায়ণ।
যিটো শুনে ভক্তি ভাৱে, পৰম গতিক পাৱে,
 ইটো সত্য বেদৰ বচন॥ ২১৮
সবে অহম্মম ত্যাজা, হৰিৰ চৰণ ভজা,
 এৰা ভাষ ভুষ আন কাম।
বেদ শাস্ত্ৰ আছে যত দেৱতীৰ্থ আদি কৰি,
 সবাকো অধিক শ্ৰেষ্ঠ নাম॥
মলয়া চন্দন আদি, গৰ্দ্দভে বহয় ভাৰ,
 কিছু তাৰ মূল্য নপাৱয়।
বেদশাস্ত্ৰ পঢ়ে মাত্ৰ, হৰি ভক্তি নজানয়,
 সিটো গৰ্দ্দভৰ তুল্য হয়॥ ২১৯
ভবিষ্যত কথা সাৰ, নিনিন্দিবা জ্ঞান আৰ,
 দেখা যদি পদত দোষণ।
মই মহা মূঢ়মতি, নভৈল ভক্তিৰ ৰতি,
 ইটো বিপ্ৰ নিষ্ফল জীৱন॥
মুখতো নলৈলো নাম, গুৰুৰ সেৱাত কাম,
 নকৰিলো অজ্ঞানী বৰ্ব্বৰ।
নভজিলো হৰি পদ, নৰকত লৈলো ঠাৱ,
 মোত পৰে নাই মূঢ় নৰ॥ ২২০
সাৰ্ব্বভৌম ভট্টাচাৰ্য্য, নেসাধিলো একো কাৰ্য্য,
 কলি যুগে নৰ তনু পাই।
মোত পৰে নাই পাপী নাহি জ্ঞান শুদ্ধমতি,
 ৰাম ৰাম বুলিয়ো সদাই॥ ২২১