পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পদ্মপুৰাণ

ইসব লক্ষণ মই দেখাইলো প্ৰত্যয়।
পণ্ডিতে নিন্দিবে হেন যুগুতি নহয়।
শঙ্কৰদেৱৰ কোনে কহিবে মহিমা।
যতেক চৰিত্ৰ লীলা কোনে পাই সীমা॥ ১৯৬
ইসব কথাক আবে এহিমানে থওঁ।
আশ্চৰ্য্য মহিমা তাৰ কিছুমান কওঁ॥
শিশুকালে ছাত্ৰ সমে শাস্ত্ৰ পঢ়িলন্ত।
মহেন্দ্ৰ কন্দলি চতুৰ্ভুজ দেখিলন্ত॥ ১৯৭
সাতো বৈকুণ্ঠৰ চিহ্ণ যাত্ৰা কৰিলন্ত।
অষ্টভুজ চতুৰ্ভুজ ৰূপ ধৰিলন্ত॥
অনন্ত কন্দলি চতুৰ্ভুজ দেখিলন্ত।
চৈতন্যেও পৰম নিৰুজ দেখিলন্ত।১৯৮
চতুৰ্ভুজ ৰূপ দামোদৰে দেখিলন্ত।
তেহু ৰূপ দশ পাণ্ডা আগে ধৰিলন্ত॥
কোঢ়োলা বাঢ়ৈ মূৰ্ত্তি কৰিবাক দিলা।
কৰিব নোৱাৰি বাঢ়ৈ স্তুতিক কৰিলা॥ ১৯৯
শঙ্কৰে বোলয় বাঢ়ৈ স্নান সময়ত।
দৰ্শন হৈবা মোক কৈলো স্বৰূপত॥
বাঢ়ৈয়ে শুনিয়া স্নান সময়ত চাইলা।
পৰম লাৱণ্য চতুৰ্ভুজক দেখিলা॥ ২০০
তেনয় স্বৰূপ বাঢ়ৈ মূৰ্ত্তি গঢ়িলন্ত।
শঙ্কৰে দেখিয়া পাছে আনন্দ ভৈলন্ত॥
মদন গোপাল নাম মূৰ্ত্তিৰ থৈলন্ত।
শঙ্কৰৰ মূৰ্ত্তি তান সমস্তে সেবন্ত॥ ২০১