পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পদ্মপুৰাণ

যৈসানি প্ৰচাৰ হোৱে ইটো গ্ৰন্থসাৰ।
তৈসানি হৈবন্ত হৰি সন্ত অৱতাৰ॥
 মাহোৰ প্ৰণাম চাৰি শ্লোক দি পঠাইবা।
তুমিয়ো তাহাঙ্ক ভক্তি কৰিয়া ভজিবা॥ ১৯০
তেসম্বো বিপ্ৰত কহি দিয়া পঠাইলন্ত।
শঙ্কৰৰ আগে তেহোঁ সেৱা জনাইলন্ত॥
বৃন্দাবন নামে এক মহন্ত আছিল।
শঙ্কৰৰ লাগ পাই তেহন্তে ভজিল॥ ১৯১
ৰমাকান্ত নামে শিষ্য মথুৰাপুৰত।
শঙ্কৰক গুৰু মানি শৰণ লৈলন্ত॥
ৰাধা নামে এক সন্ত আছিল গোকুলে৷
শঙ্কৰক গুৰু মানি সিয়ো ভক্ত ভৈলে॥ ১৯২
সন্ন্যাসী ত্ৰিজটা নামে ব্ৰজত আছিল।
শঙ্কৰক গুৰু মানি হৰিক ভজিল॥
গোপীনাথ নামে সন্ত পুষ্কৰ তীৰ্থত।
সিজনেও শঙ্কৰক গুৰু মানিলন্ত॥ ১৯৩
জগন্নাথ পাণ্ডাসুত বিষ্ণুদত্ত নাম।
ৰমানন্দ হৰিদাস জৈমিণী শ্ৰীৰাম॥
কৃষ্ণ যদুনাথ কাম এহি দশ জন।
শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ॥ ১৯৪
ৰামৰূপে শুক্লধ্বজ নৃপতি প্ৰধান।
ইসবেও শঙ্কৰক লৈলন্ত শৰণ॥
হৰি বুদ্ধি কৰিলন্ত নৰনাৰায়ণ।
শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ॥ ১৯৫