পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পদ্মপুৰাণ

ইসবত বিচাৰিয়া যদ্যপি নাপায়।
পণ্ডিতে নিন্দিব তেবে বুজো মুনিষাই॥
সাৰ্ব্বভৌম ভট্টাচাৰ্য্য জ্যোতিষত সাৰ।
দেবী উপাসক আছিলো দুৰাচাৰ৷৷ ১৬৮
শঙ্কৰৰ সঙ্গে বহু বাদক কৰিলো।
বাদ ভঙ্গ হুয়া শাস্ত্ৰ পঢ়িবাক গৈলো ৷৷
কাশী দেশে বিপ্রশ্রেষ্ঠ চক্রবর্ত্তী নাম।
চাৰি বেদ পঢ়িলোহোঁ তৈতে অনুপাম ৷৷ ১৬৯
পঞ্চবর্ষ তৈতে বেদশাস্ত্ৰক পঢ়িলো৷
অনেক শাস্ত্রক শিকি জ্ঞানক লভিলো॥
স্বৰ্গখণ্ড ৰহস্যক তহিতে জানিলো।
হৰিক ভজিবে লাগি মন থিৰ কৈলো ৷৷ ১৭০
একদিন গুৰু মোত কৰিয়া শাশ্বত।
কহিলন্ত গোপ্য কথা জানিলো মনত॥
পূর্ব্বদিশে নিজ শক্তি হৰি অৱতাৰ৷
নিজ যশ ধর্ম্ম কীৰ্ত্তি ভকতি প্ৰচাৰ ৷৷ ১৭১
নামত শঙ্কৰ হৈবে শূদ্র কুলে জাত
ব্রহ্ম৷ হৰ আদি দেৱ জন্মিবে তথাত॥
লোকৰ কাৰণ হেতু শান্ত মূৰ্ত্তি ধৰ।
তাহান চৰণে কৰ শত নমস্কাৰ ৷৷ ১৭২
কিবা মই অজ্ঞান ভৈলোহে৷ অকাৰ্য্যত।
তযু সেৱা চোৰ ভৈলো মানবী জন্মত ৷৷
তোমাৰ দাসৰো দাস মুখে তযু নাম।
এহিমানে মাগো প্রভো চৰণত কাম ৷৷ ১৭৩