পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমস্তে ধৰ্ম্মৰ কলি ভাঙ্গিলে চৰণ।
মোহোৰ নামত লৈব সমস্তে শৰণ॥
বিপৰীত কলি পাপী সিটো প্ৰাণীগণ।
পৰিয়া নভজে যিটো মোহোৰ চৰণ॥ ১৬২
তাহাৰ সদগতি নাই শুনা সৃষ্টিকৰ।
কহিলো সমস্ত কথা ৰহস্য শাস্ত্ৰৰ॥
ইসব কথাক মই এহি মানে থওঁ।
শঙ্কৰ দেৱৰ কথা কিছুমান কওঁ॥ ১৬৩
ভক্তৰ হৃদয় তুমি শান্ত মূৰ্ত্তি ধৰি।
নিজ ভক্ত প্ৰকাশাহা তুমি সে মুৰাৰি॥
তুমি মোৰ নিজ গুৰু প্ৰিয়তম হৰি।
দৈৱকী নন্দন মই ভজো নিষ্ঠ কৰি॥ ১৬৪
ৰাম কৃষ্ণ নাম মোৰ অমূল্য ৰতন।
একান্ত ভক্তৰ প্ৰীতি হৌক সৰ্ব্বক্ষণ॥
শঙ্কৰক শূদ্ৰ বুলি পণ্ডিতে নিন্দই।
কেন মতে হৰি অংশ বুলি নমানই॥ ১৬৫
মৎস্য কুৰ্ম্ম শূকৰাদি পশু অৱতাৰ।
কিমতে পণ্ডিতে সেৱে দুষ্ট দুৰাচাৰ॥
স্বৰ্গখণ্ড ৰহস্যত সঞ্জাত নোযোৱা।
বশিষ্ঠ সংহিতা সুত সংহিতাত চোৱাঁ॥ ১৬৬
অগস্ত্য সংহিতা পঞ্চ ৰূদ্ৰ যামলত।
বিষ্ণু ধৰ্ম্মোত্তৰ কৃত্য যুগ বিচাৰত॥
যোগিনী তন্ত্ৰত ইতিহাস ভৱিষ্যত।
হৰ-গৌৰী সংবাদত শিবে নাৰদত॥ ১৬৭