পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পদ্মপুৰাণ

বৈষ্ণৱক নিন্দি বহু উলঙ্ঘা কৰিব।
মোহক নভজি ক্ষুদ্ৰ দেৱক ভজিব॥
সমীপত গুৰুক দেখিব অজ্ঞজন।
তীৰ্থ সে সেবিব গৈয়া কৰিয়া গমন॥১৫৬
আকুল হৈবেক ব্ৰহ্ম মোক অনাদৰে৷
আপদ উদ্ধাৰ দেৱ ভজে নিৰন্তৰে॥
পিতা পুত্ৰে ভাই ভাই বঞ্চিত কৰিব।
ভাৰ্য্যা, স্বামী ইষ্ট মিত্ৰে দ্ৰব্য আগ্ৰহিব।১৫৭
অল্প দ্ৰব্য হৈবো থব গুপুত কৰিয়া৷
তাহাতে মোহিত হৈব বিশ্বাস কৰিয়া॥
শুনিয়৷ ব্ৰহ্মাৰ মনে মিলিল সংশয়।
কিয় কলিযুগে হেন বিপৰীত হয়॥ ১৫৮
শুনিয়োক সৃষ্টিকৰ কহিলো তোমাত।
বুদ্ধ অৱতাৰ হৈবো কলিৰ যুগত॥
বেদ পথ ছন্ন কৰিবোহো ধৰ্ম্মচয়।
বেদ বাদীগণে বামানয় প্ৰবৰ্ত্তয়॥ ১৫৯
বামানয় প্ৰবৰ্ত্তিৰ বৌদ্ধগণ যত৷
সবাকো কৰিবো কল্কি অৱতাৰে হত।
মোৰ নিজ প্ৰিয় যত আছে ভক্তগণ।
মোহোৰ কৰিব নিতে শ্ৰবণ কীৰ্ত্তন॥ ১৬০
সৰ্ব্বদাই মোক মাত্ৰ কৰিব স্মৰণ॥
এহি হেতু কলিযুগে শ্ৰেষ্ঠতৰ হয়।
শ্ৰৱণ কীৰ্ত্তন কৰি বৈকুণ্ঠে চলয়॥ ১৬১