পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
পদ্মপুৰাণ

যিটো দুষ্ট জন হৈবে মহাবলৱন্ত।
সেহিজন কুলৱন্ত সেহি ধনৱন্ত॥
জ্ঞানীৰ অপমান হব মূৰ্খৰ সম্মান৷
নিতান্ত মূৰুখ জনা বুজাইবে প্রধান॥১৫০
অল্পকায় হৈব ছাগ সব ধেনুগণ।
কুমাৰী কালত হৈব যুৱতী লক্ষণ॥
সুহৃদেও এৰিবেক যত প্রাণীগণ।
কপট হৃদয় হৈব কুবাক্য বচন৷৷১৫১
সত্যক এৰিয়া অসত্যত প্রবৰ্ত্তিব।
নিজ গুৰু এৰি আন গুৰুক ভজিব॥
পৰ দ্রব্যে আশ হুইব লোভী যে হৈবন্ত।
সত্য, শৌচ, নাহিকয় অসাধু সেবন্ত ৷৷ ১৫২
গৃহাশ্রমী এৰিবেক গৃহ ধৰ্ম্ম চয়।
যোগী সন্ন্যাসীয়ো হুইব গৃহস্থৰ নয়৷৷
অনাবৃষ্টি দুর্ভিক্ষতে প্রজা হব ক্ষয়।
অন্নৰ বিকলে হুইব বাতুলৰ নয় ৷৷ ১৫৩
ভাই ভাই পিতা পুত্ৰে কন্দল কৰিব৷
পৰস্ত্ৰী ধন অর্থে স্বধৰ্ম্ম এড়িব৷৷
অল্প বিদ্যা আর্জি বহু বকিয়া ফুৰিব।
অল্প ধন হৈব মহন্তক নমানিব৷৷ ১৫৪
অল্প আয়ু অল্প তেজ তাকে কৰি আশ।
মই কাল ৰূপে কৰো একতিলে নাশ॥
মোৰ যশ কীৰ্ত্তন শুনিয়ো নুশুনিব।
কুকথা শুনিলে বহু আদৰ কৰিব৷৷ ১৫৫