পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পদ্মপুৰাণ

শুক সংখ্যায়ণ আদি ভক্ত ঋষি যত।
তাহাতে জন্মিবে গৈয়া কৈলে৷ স্বৰূপত॥
মুচকুন্দ অম্বৰীষ যুধিষ্টিৰ ৰায়।
তাহাতে জন্মিবে গৈয়া জানা সমুদায়॥১০২
যদুবংশ যত আছে সন্ত ৰূপ ধৰি।
তহিতে জন্মিবে গৈয়া জানা নিষ্ট কৰি॥
ৰুক্মিণী ৰেৱতী আদি যত শিষ্যাগণ।
তহিতে জন্মিব গৈয়া স্বৰূপ বচন॥ ১০৩
গোপ গোপী গৈয়া ভকতৰ বেশ ধৰি।
তহিতে জন্মিবে গৈয়৷ জানা নিষ্ঠ কৰি॥
সবে গোপৰূপ জানা হৈবে অতিশয়।
কেৱল ভকতি দান কৰিবে নিশ্চয়॥১০৪
তোৰা সবে মহানন্দে ভক্তিক লভিবা।
উপদেশী গুৰু হুয়া লোক নিস্তাৰিব৷॥
মহাধৰ্ম্ম নিজ ভক্তি প্ৰকাশ কৰিবা।
বহু ভাৱে গাই ছন্দে গীতক ৰচিবা॥ ১০৫
তাক নানা ভাৱে গাই লোক যে তৰিব
ভাগৱত মহাধৰ্ম্ম সংসাৰে ৰহিব॥
মোক নমানিবে ব্ৰহ্ম উপাসক চয়।
শূদ্ৰ বুলি অহঙ্কাৰ কৰিব নিশ্চয়॥ ১০৬
শ্ৰৱণ কীৰ্ত্তন মোৰ ধৰ্ম্মক নিন্দয়।
বৈষ্ণৱক নিন্দি ঘোৰ নৰকে চলয়॥
শুনিয়া বিধিৰ ঘোৰ মিলিল সংশয়।
কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগয়॥ ১০৭