পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পদ্মপুৰাণ

শুনা সৃষ্টি কৰ  মহন্ত জগৰ
 লক্ষণ কহিবো আৰ।
মৌৰ সৌম্যমূৰ্ত্তি,  অন্তৰে ভাবিয়া
 কামনাক পৰিহৰ॥
মৌৰ নিজ ৰূপ,  সততে কৰয়
 অনুভৱ সৰ্ব্বক্ষণ।
বেদ ব্যৱহাৰ,  একো নলঙ্ঘয়,
 সেহিসে মহন্ত জন॥ ৫৮
সাধুৰ লক্ষণ,  তোমাত কহিবো,
 পৰম সন্তোষে শুনা।
সৰ্ব্ব ভূত সম,  সদাচাৰ ধৰ্ম্ম,
 নেৰিবেক সিটো জনা॥
ভাৰ্য্যা পুত্ৰগণ,  দেহক অৰ্পিয়া
 মোহোৰ চৰণে মাত্ৰ॥
মহাতত্ত্ব জ্ঞান,  জানিবা সতত
 সেহিসে সাধুৰ পাত্ৰ॥ ৫৯
গঙ্গা গয়া আদি,  যত তীৰ্থ আছে,
 তেত্ৰিশ কোটি দেবতা।
সবাতো কৰিয়া,  ভকতসে শ্ৰেষ্ঠ,
 মোৰ ভকতেসে আত্মা॥
সিটো নিজ ভক্ত,  দেখিলে মাত্ৰকে,
 জগত পবিত্ৰ হয়।
মোত কৰি শ্ৰেষ্ঠ  হোৱে সিটো জন,
 পুজিবে তাঙ্ক নিশ্চয়॥ ৬০