এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭২)
জাম্প দিয়া বাঘ যায় জল মধ্যে পৰে।
দুবা দুবি কৰি বাঘ উঠিলা সত্বৰে॥
সুকবি নাৰায়ণ দেবৰ সৰস পাচালি।
বাঘিনীৰ কথা বুলি একই লেছাৰী॥
⸻
দিহা:— এ বেউলা অৱশ্যেৰে, এ বেউলা অৱশ্যেৰে,
অৱশ্যে তোমাৰ পতি খাইব ভাল।
পদ— ভেলৰ ওপৰে মৰা দেখি মায়া পাতে ভাবুকী
কোন বাতে যাইবি কোন বুদ্ধি।
যদি মৰা নেদা এৰি সাত পাঞ্চ বাঘে ধৰি
কাঢ়ি খাইবো মৰা কলেবৰ।
বেউলা কহে বাঘৰ গোচৰ তোমাক আমাৰ নাই দৰ
স্বামী লৈয়া যাও দেবৰ পুৰ॥
জীয়া এৰি মৰা খাই কোনো লোকে পতিয়াই
জানিলোঁ তই মায়া বিষহৰি।
আগে বাঘে মোকে খা পাছে স্বামীক লৈয়া যা
খণ্ডি যাক পদ্মাৰ জঞ্জাল॥
বেউলাই বোলে শিবায় কহো আমি তোমাৰ ঠাই
মায়া বাঘে মোক কৰে বল।
শিবৰ দোহাই শুনি বাঘে বোলে গৈলা পুনি
বেউলাই কৰিলা বিজয় গমন॥