এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
বিয়াৰ ৰাত্ৰি নিশা ভাগে প্ৰভুক খাইলা মোৰে
জীয়াইতে লৈয়া যাব দেবতাৰ পুৰে॥
মোৰ যত বিৱৰণ কহিলোঁ তোমাৰ আগে।
তোমাৰ যত বিৱৰণ কহিবাক লাগে॥
নাৰায়ণে বোলে কন্যা শুনহ বচন।
মিছা কৈ আমাক ভান্দাহ কি কাৰণ॥
সাহে ৰাজাৰ পুত্ৰ আমি সবে সাত ভাই।
স্বৰূপ কৰিয়া কহো বৈনী মোৰ নাই॥
নাৰায়ণৰ মুখে শুনি এতেক বচন।
ভেলৰ ওপৰে বেউলাই যুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
বেউলাৰ ক্ৰন্দন বুলি একই লেছাৰী॥
দিহা:—— ভেলৰ ওপৰে, নাৰায়ণ গোচাৰ ক্ৰন্দন কৰে
বেউলা সুন্দৰী।
পদ——তুমি সবে ধনে জনে শীঘ্ৰে চলহ ভবনে
মাৱে যেন নকৰে ক্ৰন্দন।
শুনি বেউলাৰ বাণী নাৰায়ণে বোলে গুণি
মিছা কথা কহা কি কাৰণ॥
তোমাৰ যতেক কথা শুনি লাগে মনে বেথা
শুনা কন্যা কহিবো উচিত।