এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৭)
দিহা :——(অনে) মোৰ হৰি নাৰে নন্দেৰ নন্দন
হৰি (আৰে) দেখিলো নয়ণ ভৰি।
পদ—— চৈধ্য খান নাও চৈধ্য হাজাৰ কান্দাৰী
নাৰায়ণে বায় নাও চাৰি কাষ জুৰি।
বাইচাগণে কহে কথা সাধুৰ গোচৰে
কন্যা এক ভাসি যাই জলেৰ ওপৰে॥
তোমাৰ সদৃশ কন্যা কিচু ভিন্ন নাই
সুন্দৰীক জিজ্ঞাসিয়া ঘৰে লৈয়া যায়।
এত শুনি নাৰায়ণ ওলায় আসিলা
বেউলাৰ মুখ চাই বচন বুলিলা॥
নাৰায়ণে বোলে কন্যা শুনহ আমাৰ বচন
জলৰ ওপৰে তুমি ভাসা কি কাৰণ।
স্বৰূপ কৰিয়া কহা আমাৰ গোচৰে
কোন ৰাজ্যে ঘৰ কি নাম তোমাৰে॥
বেউলা বোলে শুনা সাধু আমাৰ উত্তৰ
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।
উজনি নগৰে ঘৰ মাও সুমিত্ৰা সুন্দৰী
সাহে ৰাজা বাপ মোৰ জানা নিষ্ট কৰি॥
চান্দো শহুৰ মোৰ শাহুৰী সোনাই
মোক বিয়া কৰাইছিল কোৱঁৰ লখাই।