এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কাউৰ শগুণ বৈনী হউক যত নাগ।
এই ৰূপ ধৰি যোৱা বেউলাৰ আগ॥
শগুণ বুলিয়া পদ্মাই হুঙ্কাৰ মাৰিলা।
শগুণ স্বৰূপে নেতা আগুসাৰ দিলা॥
শগুণে বোলে বেউলা শুনহ বচন।
মৰাগোট দিয়া আমাক কৰহোঁ ভক্ষণ॥
আঠ দিনা উপবাসী আমি যেন মৰি৷
সতী কন্যা দেখি ভিক্ষা তোমাৰ ঠাই কৰি॥
উপবাসী জনক যিবা দিয়ে ফল দান।
তাৰ ফলে কতকাল থাকে স্বৰ্গৰ স্থান॥
খুজিলে নেদহ যদি খাইবো কাঢ়িয়া।
কোন স্থানে যাবি কন্যা আমাৰ হাত চাৰিয়া॥
এত বুলি শগুণে দুই পাখাক যে মাৰে।
বৰ ঠোট মেলি আহে বেউলাক গিলিবাৰে॥
ভয় পাই বেউলাই নোৱাৰে এৰাইবাৰ।
পদ্মাৰ দোহাই দিলা যে সাতবাৰ॥
পদ্মাৰ দোহাই শুনি শগুণ গৈলা উৰি।
আগ ঘাটে ৰৈলা গৈ শৃগাল ৰূপ ধৰি॥
মৰাৰ গোন্ধ পাই শৃগালে ডাক চাৰে।
ভয়যুক্ত ভৈলা বেউলা ভেলৰ ওপৰে॥