এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
লেঙ্গাই বোলে শুনা ওজা আমাৰ বচন।
ৰাজ আজ্ঞা ভৈলা তুমি কৰহ গমন॥
দূত মুখে বাৰ্ত্তা পাই ওজাৰ কুমাৰ।
ঔষধ লৈয়া ওজাই দিলা আগুসাৰ॥
কোন মন্ত্ৰে জাৰিব সন্ধান নাই চিতে।
আসিয়া মিলিলা ওজা চান্দৰ নিকটে॥
মাটিত গণিয়া চাইলা সুখে নিজীব যে।
নিজীবেক লখিন্দাৰ মোৰ মন্ত্ৰে তেজে॥
বিয়াৰ ৰাত্ৰি সাপে খাইছে গণি চাইলো কড়ি।
তব প্ৰাণ পুত্ৰ লখাই জীৱাইতে নাপাৰি॥
ওজাৰ মুখত শুনি নিষ্ঠুৰ বচন।
পুত্ৰ কোলে লৈয়া চান্দই কৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালী।
চান্দৰ ক্ৰন্দন বুলি একই লেছাৰী॥
⸻
দিহা :—— (এ হে মোৰ) চান্দ কান্দে, ঐ ৰাম বিষাদ
ভাবিয়া; নমৰিয়া ৰৈলোঁ কেনে অভাগিয়া।
পদ—— পুত্ৰ মৰিল বুলি যদি খোতা দিয়ে কাণী।
তাইৰ যতেক খোতা আমি ভাল জানি॥