এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সোনাই বোলে প্ৰাণেশ্বৰ কান্দে বধু একালচৰ
পুত্ৰক খাইলা কালী নাগিনী॥
চান্দই বোলে ওৰে সোনাই তোমাৰ কিছু বুদ্ধি নাই
তোমাৰ মনে কিছু নাহি জ্ঞান।
পুত্ৰ বধূ দুই যুৱা মেৰত কৰিছে কিবা
তাতে তুমি কেনে পাতা কাণ॥
চান্দই যতেক কৈলা সোনাইৰ মনে নধৰিলা
উঠি সোনাই দিলেক লৱৰ।
লৰ দিয়া সোনাই যাই ঠাই ঠাই আচৰ খাই
লৰি গৈলা মেৰৰ দুৱাৰ॥
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
পুত্ৰ পুত্ৰ বুলি সনে ডাক ঘনে চাৰে॥
⸻
দিহা :― (অহে মোৰ হৰি নাল কি ওৰে ভলে)
সোনাই কান্দে বাচা লখাই।
পদ— ক্ৰন্দন শুনিয়া সোনাই দিলেক লবৰ।
চুলি নাহি বান্ধে সোনাই নিপিন্ধে কাপোৰ॥
পুত্ৰ পুত্ৰ বুলি সোনাই বুকে মাৰে ঘাও।
চাৰি দণ্ড মান সোনাইৰ মুখে নাহে ৰাওঁ॥