এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মহা শোকে বহে দুই নয়ণৰ পানী।
বৃক্ষসব ভাঙ্গি পৰে বেউলাৰ ক্ৰন্দন শুনি॥
কোকিলৰ ধ্বনি যেন বেউলাৰ ক্ৰন্দন।
শুনি ওপজে দুখ শুনে বিৰাজন।
স্বামী ব্ৰহ্মা স্বামী বিষ্ণু স্বামী মহেশ্বৰ।
স্বামী বিনে স্ত্ৰীলোকৰ গতি নাহি আৰ॥
আকাশত চন্দ্ৰ নাই নিজিলেক তাৰা।
যিটো নাৰীৰ পুৰুষ নাই জীবিততে মৰা॥
শত পুত্ৰৱৰ্তী যদি পতি হীনা হয়।
তথাপিতো লোকে তাক অভাগী বোলয়॥
বিষাদিত ভাবে কান্দে বেউলা সুন্দৰী।
অন্তঃপুৰে থাকি শুনে সনেকা সুন্দৰী॥
ক্ৰন্দন শুনিয়া সোনাইৰ সচকিত মন।
বিছনাৰ ওপৰে সোনাই বসিলা তেখন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
সোনাইৰ বচন বুলি একই লেছাৰী॥
⸻
দিহা :—— (ঐ আৰে) বেউলাৰ ক্ৰন্দন শুনি সচকিত
সাধুৰাণী তাতে সোনাই পাইলেক চেতন।
সোনাই বোলে ওৰে সাধু ক্ৰন্দন কৰিছে বধু
মেৰে শুনা ক্ৰন্দনৰ ধ্বনি।