এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)
সুমিত্ৰা শাহুৰী কন্যা বৰ যতেনাৰ।
জলপান কৰিবাক দিলেক আমাৰ॥
তোৰ সখীগণে কন্যা তুলিলেক হাস।
লজ্জাৰ কাৰণে তাত নেদিলো গৰাস॥
লজ্জা পাই বেউলাই বুলিলা বচন।
চাউল চৰু নাই প্ৰভু কৰিতে ৰন্ধন॥
নাই চাউল নাই চৰু নাই গঙ্গাৰ জল।
কিমতে ৰন্ধন চলাম কাঞ্চন মেৰঘৰ॥
লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
সকল সম্ভাৰ আছে কৰিতে ৰন্ধন॥
দুনিত আছে চাউল কন্যা ঘটে আছে পানী।
ধুপৰ হব খৰি কন্যা প্ৰদীপে অগনি॥
বেউলা বোলে শুনা প্ৰভু কহোঁ তোমাৰ ঠাই।
হিন্দুৰ শাস্ত্ৰত ৰান্ধা ব্যৱহাৰ নাই॥
কুঁহিয়াৰ নাৰিকল বৰাটমনি কল।
ফল আহাৰ কৰিবাক বেউলা বুলিল॥
যত বস্তু দিয়া আছে সনেকা সুন্দৰী।
তাহাক খাইলা লখাই কিছু কিছু কৰি॥
বেউলাৰ বচন লখাই নকৰিলা আন।
ক্ষুধাৰ সময় পাইলা অমৃত সমান॥
হৰষিতে ফলাহাৰ কৰিলা লখিন্দাৰ।
শয়ন কৰিলা লখাই বিছিনাৰ উপৰ॥