এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
তবে বাপ ত্ৰিপুৰাৰি বিয়া দিলা যত্ন কৰি
উত্তম বামুণ কুমাৰ আনি।
আমাৰ কৰ্ম্ম ফলে স্বামী চাৰি গৈলা মোৰে
বিয়াৰ ৰাত্ৰি কৰি অনাথিনী॥
কালী বোলে হব বীৰ্য্যা সংসাৰে তোমাৰ পূজা
কেনে চান্দ কৰে অপমান।
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
নাৰায়ণ দেৱৰ সুবচন॥
দিহা :— পদ্মা বোলে শুনা কাৰী আমাৰ উত্তৰ
কাৰ্য্য সিদ্ধি কৰি দেহ ৰাত্ৰিৰ ভিতৰ
বোলে মনসা দেবী।
পদ— পদ্মা বোলে কালী আমাৰ উত্তৰ।
সত্তৰে দংশিয়া দেহ চান্দৰ কুমাৰ॥
কালী বোলে শুনা পদ্মা আমাৰ উত্তৰ।
শুনি আছোঁ চান্দই বান্ধিছে লোহাৰ মেৰঘৰ॥
শ্ৰীখণ্ডি কপাট দিছে জোৰেৰ কৰাল।
পিপৰা নোৱাৰে তাত পশিব ভিতৰ॥
সপ্ত হাল হস্তী দিয়া দুৱাৰ টানিলা।
তথাপিতো মেৰ ঘৰৰ লোম নলৰিলা॥