এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(চ)
দশ প্ৰহৰণ ধাৰিণী মহিষাসুৰ মৰ্দ্দিনী
কাৰ্ত্তিক গণেশৰ জননী।
গাৱে শোভে পট্টবাস ভূবন মোহিনী বেশ
সুলোচনা উচ্চ নিতম্বিনী॥
সোখ্য মোক্ষ্যদায়িনী চতুৰবৰ্গ বিধায়িনী
ত্ৰিভূবনে তব যশ ঘোষে।
শ্ৰীৰাম স্বৰূপে হৰি তব পূজা কৰি গৌৰি
ৰাক্ষসক সমূলে বিনাশে॥
নাজানো মিনতি স্তুতি অৰ্চ্চন বন্দন ৰীতি
কিবা দিয়া পূজিম চৰণ।
ৰাতুল চৰণ তলে পূজোঁ আই বিল্বদলে
ভনে ইটো অৰুণ নন্দন॥
শ্ৰীশ্ৰী দুৰ্গাদেব্যৈ নমঃ।
বন্দো দশভূজা মহীতলে পূজা
অসুৰ বধৰ হেতু।
বন্দো ত্ৰিনয়নী কেশৰী বাহিনী
পাপ নাশে ধূমকেতু॥
বন্দো মহামায়া গিৰিজা অভয়া
আদ্যাশক্তি নাৰায়ণী।