এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(।৵৹)
মাহাত্ম্য জগতত কেইজনে ৰাখিব পাৰিছে? এনে সতীৰ পদৰেণু পাবলৈ শত শত লোকে বাটে বাটে চুপি থাকে।
দুৰ্গাবৰে লিখা পদ্মাপুৰাণো আছে। এওঁৰ ভাষা আৰু ভাব দেখি অনুমান কৰা যায় যে, এওঁ সুকবি নাৰায়ণ দেবৰ বহু আগৰ। দুৰ্গাবৰ ভাষা অসমীয়া হলেও এওঁৰ ভাষা নাৰায়ণ দেবৰ ভাষাতকৈ কঠিন। যথা:—
X X X
গঙ্গাবন্দনা — পশ্চিমত বহে গঙ্গা গহীন গম্ভীৰ।
অমৃত সদৃশ স্বাদ সুবাসীত নীৰ॥
পাতাল ভেদিয়া বহে বহল বিস্তৰ।
তৰিত ৰঙ্গিনী গঙ্গা কৰয় জোকাৰ॥
X X X
দুৰ্গাবৰ ৰচিত পদ্মাপুৰাণ ইতি পূৰ্ব্বে মুছলমান ওজাবিলাকে বেছিকৈ মনসা পূজাত গাইছিল। আজি কালিও সেই আৰ্হিলৈ বাটে ঘাটে গোৱা শুনা যায়। মুছলমানৰ ভিতৰত মনসা পূজা কৰা প্ৰথা যে আছিল তাত সন্দেহ নাই। কিয়নো পূজা কৰা দিনৰে মানুহ আজিও আছে। যথা:—