এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯০)
জ্বৰৰ বেদনা পাই গাৱে মোৰ জ্ঞান নাই
শুনা ভাই নাৰদ মহা মুণি॥
নাৰদে বচন পাইয়া চাহে গাৱেঁ হাতদিয়া
বুজিলোঁ তোমাৰ জ্বৰৰ লক্ষন॥
এক ঔষধ দেও জানি কাচা দুগ্ধ কাচা পানী
খাইবা বৈনী সেৰেক প্ৰমাণ।
পকা তেপোল তেঙ্গা দৈ তাক বৈনী খাবা লৈ
জ্বৰ চাৰি যাব এতিক্ষণে॥
গাগাল মাছ গাজৰ পানী তাক বৈনী খাবা জানি
খাচিৰ তেলে কৰিয়া ৰন্ধন।
যাব তোৰে জ্বৰ চাৰি কাটিব মুখৰ জাৰি
তবে বৈনী এৰাইবা মৰণ॥
বোলে দেবী পদ্মাবতী শুনা কাৰ্ত্তিক গণপতি
শৰীৰ দহিছে মোৰ দুখে।
চান্দৰ ঠাইত পাইয়া দৰ তাতে হৈছে কোপজ্বৰ
সেই জ্বৰ উঠে মোৰ মাহে পখে॥
নাৰদে বোলে ভগিনী স্থিৰ কৰা পৰাণি
ধীৰে ধীৰে কৰহ গমন।
ৰহিতে নাৰিবা তুমি নিশ্চয় কহিছোঁ আমি
ধৰিয়া লৈবো তিনি জন॥