এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৪)
মনত হৰিষে বেউলাই বান্ধি তোলে খোপা।
খোপাত তুলিয়া পিন্ধে মালতিৰ থোপা॥
শিখাত সিন্দুৰ পিন্ধে অগণিত আটি।
গলত তুলিয়া পিন্ধে হাৰ গজ মতি॥
অৰ্দ্ধ চন্দ্ৰ শিৰ মণি অতি সুশোভন।
দুই বাহুত পিন্ধে বেউলা সোণৰ কঙ্কন॥
আঙ্গুলি সবাত পিন্ধে ৰত্নৰ আঙ্গুঠি।
হস্তত বলয়া পিন্ধে আতি মন তুষ্টি॥
দুই কৰ্ণে সুবৰ্ণৰ কুণ্ডল প্ৰকাশে।
চকৰি উৰিছে যেন মলয়া বতাসে॥
অলঙ্কাৰ পিন্ধি বেউলাৰ হৰষিত মন।
পিন্ধিতে লাগিলা বেউলা দেবঙ্গ বসন॥
দেৱৰ বসন তাক দেখিতে সুন্দৰ।
কাপোৰত লেখি আছে দশ অবতাৰ॥
মৎসৰূপ লেখি আছে জলে প্ৰবেশ কৰি।
যেন মতে চাৰি বেদ উদ্ধাৰিলা হৰি॥
কুৰ্ম্মৰূপ লিখি আছে দেখিতে সুন্দৰ।
ধৰণীখন ধৰি আছে পিঠিৰ উপৰ॥
বৰাহৰূপ লিখি আছে সবাৰ পাচতে।
যেন মতে পৃথিবীখন উদ্ধাৰিলা দন্তে॥
নৰসিংহ লিখি আছে হিৰণ্য বিদাৰে।
বামণৰূপ লিখি আছে বলিক চলিবাৰে॥