এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৭)
দিহা :― (এহে) মাই তুমি বিনে (ৰে হে) এ প্ৰভু
বিনে, হবাইলোৰে স্বামী ভাল।
পদ— বত্ৰিশ পাঞ্জাৰ লখাইৰ লইলা যত্ন কৰি।
আঠুৰ ঘিলা পৰিলেক যাই জলৰ উপৰি॥
মনুষ্যৰ গন্ধ পাই ৰাঘুৱা বৰালি ধাই।
গিলিলেক ঘিলাগোট নিকটে লাগ পাই॥
গিলিলেক ঘিলা বেউলা নকৰিলা মনে।
কৰিলেক বেউলা সতী বিজয় গমনে॥
নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলনা।
নেতাবতীৰ পাকে ভেল দিলা দৰিশণ॥
পূব ঘাটে নেতাই কাপোৰ ধোৱে পাট পাৰি।
পাকে পাকে যাই আছে বেউলা সুন্দৰী॥
নেতাৰ নন্দন আছে ধনা নাম ধৰে।
ধনাক ডাকিয়া নেতা লাগে কহিবাৰে॥
নেতা বোলে শুনা ধনা নকৰা নিকাৰ।
আজি ধোৱা নহে মোৰ দেৱৰ কাপোৰ॥
মাওৰ বচনে ধনা দিলেক লৱৰ।
এক পাও পৰিলেক কাপোৰৰ ওপৰ॥
কষ্টমন কৰি নেতা কোপ চক্ষে চাইলা।
ভূমিৰ উপৰে ধনা ধলিয়া পৰিলা॥