এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৷৹)
চন্দ্ৰধৰৰ বিষয় পৰিচয় পোৱা যায়— এওঁ বৰ্ত্তমান কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাওঁৰ ওচৰত (ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণে) চৰকীয়া নামে ঠাইত চান্দৰ মেৰঘৰৰ ভগ্নাবশেষ আছে; সেইয়ে চম্পক নগৰ আছিল। চান্দ সদাগৰৰ ঘৰ যে আসাম প্ৰদেশৰ অন্তৰ্গত কামৰূপ জিলাত ইয়াত অলপো সন্দেহ নাই। কিয়নো হাতী মুৰা পাহাড়ত গোধাই বৰশি বোৱা চিন, ধুবুড়ীত নেতা ধুবুনীৰ ঘাটৰ ভগ্নাৱশেষ, হাজোত (দেৱৰ পুৰিত) লখিন্দাৰৰ পুনৰ্জ্জীৱিত সময় দেৱ সভাৰ চিন। ছয়গাঁওৰ ওচৰত কাকড়া সাগৰৰ চিন ইত্যাদিয়ে জল জল পট পটকৈ সাক্ষ্য দিব লাগিছে।
প্ৰবাদ আছে যে, শাহে ৰজা অৰ্থাৎ পতিপ্ৰাণা বেউলাৰ বাপেকৰ ঘৰ কামৰূপ—শোৱালকুছিত আছিল।
এই পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষা অৰ্থাৎ যি ভাষা পুৰণি কালত কামৰূপী বুলি জনাজাত আছিল।
X X X
যথা :—
ছুলিকোছা দকিম বালাৰ হাৰোৱা চোৱঁৰ।
মুৰগোট দকিম বালাৰ ঝুনা নাৰিকল॥
X X X