পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অলপ অলপকৈ গিলি আহিবলৈ ধৰিলে। দেখোঁতে দেখোঁতেই জগত ঘোৰ আন্ধাৰত ঢাক খাই পৰিল। এনে সময়ত ফুলে, কোচত একোচ ফুল আৰু হাতত এটি ঘিউ-চাকি আৰু মালা-দুধাৰ লৈ লাহে লাহে এখুজি-দুখুজিকৈ মৈদাম পালে গৈ। মৈদামৰ দুৱাৰখন জখলাইদি নামি গৈ যত পদুল আৰু সূৰ্য্যৰ মৰা শ আছে, সেই খিনি পাই সুৰ্য্যকুমাৰৰ মূৰৰ ওচৰতে চাকিটো থৈ তেওঁৰ ভৰিত পৰি সেৱা এটা কৰি আৰু মুখত চুমা এটা খাই কবলৈ ধৰিলে-"প্ৰাণনাথ! জীয়াই থাকোঁতে মই তোমাক চুমা খাবলৈ আৰু সেৱা কৰিবলৈ নেপালোঁ; সেই দেখি মৰিলতেই হেঁপাহ পলুৱাই চুমা খাই আৰু সেৱা কৰি লওঁ। তোমাৰ প্ৰেম পাবলৈ, মই অভাগিনীৰ, ভাগ্যত নাছিল। প্ৰাণনাথ! তোমাৰ চেনেহৰ পাত্ৰী, পৰম ভাগ্যৱতী পদুমে সৈতে তোমাৰ মিলন দেখিবলৈ মোৰ বৰ হেঁপাহ আছিল। সেই হেঁপাহ পূৰ হল। এই সংসাৰত মোৰ একো আকাঙ্ক্ষা নাই। "

 এই কেষাৰ কথা কৈ ফুল নিস্তদ্ধ হল। হাতৰ ফুলৰ মালা দুধাৰৰ এধাৰ সূৰ্য্যক আৰু এধাৰ পদুমক পিন্ধাই দি তেওঁবিলাকৰ গাৰ ওপৰত কোচৰ ফুলবোৰ চতিয়াই দিলে। তাৰ পাছত সূৰ্য্যকুমাৰৰ ভৰিতে মূৰটো দি শুই দোলডাল টানি জাপ দুৱাৰখন পেলাই অনন্ত শয্যাত শয়ন কৰিলে।

অন্ত