যদি সিদ্ধ হোৱা, তেন্তে তুমি অনেক অদ্ভুত আৰু অলৌকিক কাৰ্য্য কৰিবলৈ সমৰ্থৱতী হব পাৰিবা। একেলগে আত্মহত্যা কৰা কৰা ডেকা-ডেকেৰী শ দুটা আনি যদি তুমি যদি সাধন কৰিব পাৰা, তেন্তে একে দিনাই তোমাৰ এই মন্ত্ৰৰ সিদ্ধি হব। এই কথা কৈয়েই সেই সন্ন্যাসী কৰবালৈ গুচি গল। একে লগে আত্মহত্যা কৰা ডেকা-ডেকৰীৰ শ পোৱা বৰ টান ভাবি অতদিন মনে মনে আছিলো; নিন্তু এতিয়া ভাগ্যক্ৰমে এই সুযোগ হাতে হাতে মিলিছে দেখি এনে ইচ্ছা প্ৰাকাশ কৰিছোঁ; দেউতাই মোৰ ওপৰত কোনি সন্দেহ নকৰি কৃপাকৈ যদি মোৰ মিনতি ৰাখে, তেনেহলে মোৰ অনেক দিনৰ মনৰ আশা পূৰ হবৰ আগন্তক হয়। "
ফুলৰ মিনতি কৰি কোৱা কথাত দেউতাক ইমান মোহ গল যে তৎক্ষণাৎ তেওঁ ফুলক আপোন ইচ্ছামতে কাজ কৰিবলৈ অনুমতি দিলে।
সেই দিনাই বৰফুকনে আপোন সৈন্য-সামন্ত লৈ জীয়েকে সৈতে গুৱাহাটীলৈ উভতিল। ফুলে পদুম আৰু সূৰ্য্যৰ মৰা শ দুটা লগতে লৈ গৈ তেওঁৰ ফুলনি বাৰীৰ মৈদাম এটা খনাই পোতালে। মৈদামটোৰ চাৰিফালে ইটাৰে গড় মৰাই এটিমাত্ৰ বাট ৰখালে। মৈদামৰ ভিতৰলৈ নামিবলৈ এটি বাট থোৱাই জখলা এটা দিয়ালে আৰু সেই বাট ইচ্ছামতে বন্ধ কৰিবলৈ কাঠৰ এখন জাপ-দুৱাৰৰ দিহা কৰালে। গড়টোৰ গাত চাৰিওফালে কলা অপৰাজিতা ফুলৰ গছ ফুলে সৈতে লগোৱাই দি মৈদামৰ ঠিক মাজতে ডাংগৰ কলীয়া তুলসী এজোপা ৰোৱালে। কোৱা বাহুল্য, যে গুৱাহাটীৰ পাবৰ দিনাই ফুলে এনেবিলাক কাৰ্য্য সমাধা কৰিলে।
লাহে লাহে বেলি পূব আকাশৰ পৰা পশ্চিম আকাশ পালেগৈ। কাল ৰাতিয়ে প্ৰাকাণ্ড বিকট মুখ মেলি পূব আকাশৰ ফালৰ পৰা পৃথিৱী