পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদুম কুঁৱৰী


কেতিয়াবা কৰ্কশতা, নিষ্ঠুৰতা, মই-মত আৰু কাৰো কথা নুশুনা গতি এটা দেখিবলৈ পোৱা গৈছিল, কাৰণ যুদ্ধ তামসিক কাৰ্য্য, তামসিক কাৰ্য্য তামসিক ভাৱৰ জন্মদাতা, তাৰ আগত সাত্বিক আৰু ৰাজসিক ভাৱৰ পূৰ্ণবিকাশ হব নোৱাৰে। সি যি হওক মুঠতে কলে হৰদত্তৰ উচ্চাকাঙ্ক্ষা আৰু আত্মাভিমান প্রভৃতি গোটাচেৰেক গুণ বৰ প্ৰবল আছিল; যাৰ, বশৱৰ্ত্তী হৈ তেওঁ কাৰো কথা, কাৰো উপদেশ, কাৰো পৰামৰ্শ, আন কি তেওঁৰ অতি মৰমৰ ভাৰ্য্যা আৰু কন্যাৰ প্ৰাৰ্থনা, কাকুতি-মিনতি পৰ্য্যন্ত কেতিয়াবা অগ্রাহ্য কৰিছিল।

 হৰদত্তৰ ভাৰ্য্যাৰ নাম আমি কব নোৱাৰোঁ, কেৱল "ৰঘুৰ মাক" বুলি মতাটোহে আমি কব পাৰোঁ। ৰঘুদত্ত হৰদত্তৰ পুতেক, সেইবাবেই তেওঁক ৰঘুৰ মাক বুলি মাতিছিল। হৰদত্ততকৈ হৰদত্তৰ ঘৈণীয়েক ১৯ বছৰৰ সৰু। তেওঁৰ ১৭ বছৰ বয়সত ৰঘুদত্ত ওপজে, আৰু তাৰ তিনি বছৰৰ পাছত এজনী ছোৱালী জন্মে, যাৰ কথা আমি পিছত কম। এতিয়া তেওঁৰ বয়স ৩৭ হৈছে। কিন্তু ঈশ্বৰে কি মিলাই দিছে কব নোৱাৰি, গিৰীয়েকৰ নিচিনাকৈ এওঁকো নিচেই অলপ বয়সীয়া বুলি জানি, অলপ বয়সীয়া তিৰুতাৰ নিচিনা তেওঁৰ মুখত সেই কোমলতা, সেই মধুৰতা, সেই সৌন্দৰ্য্য বিদ্যমান। এতিয়াও তেওঁৰ মাত মিহি, এতিয়াও তেওঁৰ সুৰ মিঠা, এতিয়াও তেওঁৰ কথাত সেই যৌৱন-সুলভ লালিত্য আছে। তেওঁ বাহিৰে যেনে মধুময় ভিতৰেও তেনে পবিত্র, মধুময়, নিষ্পাপ। এনে সাদৰী পতিব্ৰতা আৰু ধাৰ্ম্মিক তিৰোতা প্ৰায় দুষ্প্রাপ্য। স্বামীত তেওঁৰ অচলা ভক্তি। ৰাতিপুৱাই উঠি গা ধুই গোসাইঘৰ মছা আৰু ৰন্ধা-বঢ়াদি গৃহৰ আন আন কাৰ্য্য কৰা তেওঁৰ নিত্যকৰ্ম্ম। তেওঁৰ পুতেক আৰু জীয়েকক তেওঁ আপোন প্ৰাণতকৈও অধিক ভাল পায়।