পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জালত পহু

৫৭

ওপৰত ডেও দি দি চেকুৰি চেকুৰি নাচি ফুৰিম কিন্তু হায়! হিংসুক মনুষ্যৰ ভাগ্যত এনে স্বৰ্গীয় আনন্দ ঈশ্বৰে নিদিয়ে। দুৰ্বৃত্ত দুষ্প্ৰকৃতি মানুহ। তুমি পাপী, তুমি হিংসুক, তুমি লুভীয়া, তুমি কপটী, তুমি চোৰ, তুমি এনে নিষ্পাপ আৰু পৱিত্ৰ আমোদৰ ভাগ পাব নোৱাৰা। এই আমোদ স্বৰ্গৰ দেৱতা সকলৰ নিমিত্তে - পোৱালিটি যদি চেকুৰ মাৰি অলপ আঁতৰ হয়, মাকে তৎক্ষণাত ঘাহ এৰি তাৰ লগলৈ যায়, শুঙ্গে আৰু চেলেকে ৷

 আমাৰ কঠুৱা ৰঘুৱে সোধ-পোছ নাই খপ্কৰে আৰৰ পৰা পহু-পোৱালিটিলৈ এপাট কুাঁড় মাৰি পঠিয়ালে! কাঁড়পাট পহু- পোৱালিটিৰ ডিঙিত লাগি শৰকি গলত সি চিয়ঁৰ এটা মাৰি লুটি খাই পৰি মৰিল। হৰিণীৰ ব্যাকুলতা আৰু কান্দোন, হৃদয়বিদাৰক আৰু বৰ্ণনাৰ অতীত ৷ এই কাৰ্য্য দখি ভুটীয়া কোৰ্ম্মাৰো অন্তৰ ব্যথিত হৈ সি ৰঘুক কবলৈ ধৰিলে—“হখি, তই বৰ বেয়া কাম কৰিলি।“ পহু-জনী পোৱালিটৰি শোকত ইমান আকুল আৰু আত্ম- হ'ৰা হৈছিল যে ৰঘু অৰু কোৰ্ম্মাই হাবিৰ পৰা ওলাই পোৱালি- টিৰ ওচৰ পালতো মাক জনীয়ে তাক এৰি আতৰ নহৈছিল। আন কি তেওঁবিলাকে পোৱালটিৰ গাত হাত দিবলৈ গলত তাই তেওঁ- বিলাকক খুচিবলৈ খেদা মৰি আহিছিল।

 ভূতৰ ওপৰতে দানহ। পাঠক! সোঁফালে গছৰ তলেদি হাবিৰ তললৈ চাওকচোন ঢাল তৰোৱাল, আৰু ধনু-কাঁড়েৰে সজ্জিত ভয়ানক, মানুহ দুটাই মনে মনে ৰঘুৰ ফাললৈ চাই কি ক্থা পাতিছে শুনকচোন। সিহঁতৰ হাত আৰু কলাফুল একোটা কি ভঙ্কৰ শকত চাওকচোন ! এটাই কৈছেঃ - ’আজি আমাৰ কি ভাল কপাল, যাক বিচাৰি হাৰাশাস্তি হৈ ফুৰিছিলো আজি তাক পালো ৷ এইটো নহয়নে, হৰৰ পুতেক ?’