পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৬

পদুম কুঁৱৰী

কষ্টেৰে হৰদত্তই ধৈৰ্য্য ধৰি সহধৰ্ম্মিণীৰ কাঠসংস্কাৰ কৰিলে আৰু পদুমক সাৱধানে ৰখাৰ ভাৰ সখীয়েে কুৰ্ম্মীৰ হাতত দি গভীৰ শোকত দিন কটাবলৈ ধৰিলে। ইয়াৰ পাছত আৰু কি ঘটনা ঘটিল কওঁ।

একাদশ অধ্যায়

জালত পহু

“They have tied me a stake, I cannot fly"

– W./Shakespeare.


 এইদৰে কিছুদিন গৈছে, এদিন স্বভাৱতে চঞ্চল ৰঘুৱে দেউতাকে বুজ নোপোৱাকৈ সখিয়েক কোৰম্মাই সৈতে অলপ আতৰ হৈ হাতত ধনু-কাড় লৈ পহু মাৰিবলৈ গল ৷ কিছু দুৰ গৈয়েই আগতে এডোখৰ মুকলি ঠাইত এজনী হৰিণা, এটি পোৱালীৰে সৈতে চৰি থকা দেখিলে। জন-প্ৰাণীৰ অসঞ্চাৰ নিভৃত স্থানত পহুজনীয়ে কেচুৱা পোৱালীটীয়ে সৈতে নিশ্চিন্ত মনে একামোৰ দুকামোৰকৈ ঘাঁহ খাইছে, একো একোবাৰ ঘাঁহ খাবলৈ এৰি পোৱালিটিক শুঙ্গিছে আৰু চেলেকিছে, আকৌ ঘাঁহত কামোৰ মাৰিছে । অকণমান পোৱালিটিয়েও মাকক ঘাহ খোৱা দেখি কোমল ঘাহৰ কেঁও একোডালিত কেতিয়াবা কেতিয়াবা মুখ দিছে, কেতিয়াবা থাকি থাকি ডেও দি দি একোটা চেকুৰ মেলিছে ৷ দেখিলে মন এনে কৰে যেন সেই চিকুন পোৱা- লিটিৰ সৈতে লগ লাগি সেই চিকুণ শ্যাম বৰণীয়া নতুত ঘাহৰ