পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিপদৰ ওপৰত বিপদ

৫৫

লাও গছ জোপা আগেয়ে এজনী তিৰুতা মানুহ আছিল। কিন্তু সেইটো কথাত পতিয়াবৰ মন নেযায়।" এই বুলি আকৌ খপ্ কৰে উঠি, “আজি দেউতা আহি দেখিলে আমাক খং কৰিৰ | কতা মোৰ লগত তো সূৰ্য্য নাই,মোক কি খং কৰিব?— —গল --গল--গল; যাওক; নেলাগে আহিব— ভালে থাওক-- কোনে কলে ভাল আছে বুলি? মোৰ আচলৰ আগত বান্ধি থোৱা বস্তুটি আছেন – ইয়কলি চৰাইটোৱে সেইয়া কি কয় অ?-কেনেকৈ জানিলে ?—

 ক্ৰুৰ অক্ৰু ভৈল বৈৰী,

 জীৱ কাঢ়ি নেই কেন কৰি

 পাইব গৈয়া নাগেৰী সুন্দৰী,

  আউৰ দুনাই নাসিবন্ত হৰি ৷৷’ আজি টোপনী নেভাগে হবলা। দুখে ভাগৰে লালকাল দেহি অলপ শোৱক। তহঁতে নেমাতিবি, ময়ো নেমতো--দেউতাক ধৰিবলৈ মানুহ আহিছে! কতা! মোৰ সখি আহিলে আজি ফুল তুলিবলৈ যাম; ফুল তুলি এধাৰ মলা গাঁথি দেউতাক দিম, এধাৰ ককাইদেউতাক দিম, এধাৰ আইক দিম এধাৰ কাক দিম? তেওঁতো নাই! নাই, নাই, এই জুৰিটিত উটাই দিম,সোতে লৈ গৈ তেওঁ যতে আছে ততে দিবগৈ। সেই ধাৰ মলা. মোৰ মূৰৰ চুলিৰে গাঁথিম, নহলে, সুতাৰে গাঁথিলে সুতা ডাল পানীত পচি ছিগি যাব পাৰে পানীত কলহটে। উটি গল; গৈ থাক. গৈ থাক গৈ থাক, সেইখিনি পাগৈ। মই বতৰা এটা কওঁ লৈ যাব পাৰিবিনে?"

 পাঠক, সিফালে পদুম আৰু পদুমৰ মাক গা ধুই ঘৰলৈ উভতি নোযোৱা দেখি, হৰদত্ত আৰু ৰঘু বিচাৰি আহি এনে সময়ত তাত ওলালহি অকস্মাৎ আকাশীচৰগ ভাগি পৰা কথা দেখি তেওঁ বিলাকৰ যেনে অৱস্থা হল তাকি আৰু কোৱাৰ সকাম নাই। অতি