৫৪
পদুম কুঁৱৰী
জুৰাবলৈ মাকজনী আছিল তাকো তুমি কাঢ়ি নিলা? এই বাবেহে তোমাক ক্ৰুৰ বিধি, নিদাৰুণ বিধি, ’কণা-গোঁসাই’ ইত্যাদি নাম মানুহে দিয়ে
পদুমে কিছুমান বেলি মূৰত জ্ঞান পালে; কিন্তু এইবাৰ জ্ঞান পোৱা নোপোৱাৰ সমান। পদুম আৰু আগৰ পদুম নাই। পদুমৰ কৰ্ত্তব্য অকৰ্ত্তব্য জ্ঞান শুন্য হল | পদুম গিৰিপ কৰে উঠি ৰিহাৰ আচলটো মাটিত পাৰি মাকৰ শটোলৈ চাই কবলৈ ধৰিলেঃ “ আই! মাটিত নুশুবাঁ; মই ৰিহাৰ আচল পাৰি দিছোঁ, ইয়াত শোৱাঁহি ৷ ছিঃ! ছিঃ! মাটিত কাইটে ফুটিব উঠা” এই বুলি মাকৰ গাত ধৰি সাবট মাৰি ধৰি তুলিব খুজি থপ্কৰে আকৌ এৰি দি কলে, “আই তোমাৰ টোপনী আহিছে শুই থাকাঁ॥ মই তাহানি তুমি শিকোৱা, নাম এটা গাওঁঃ --’হে-ৰ কেতেকী কিয় মলেমলা,
তোৰ নো আ--ছে কোন?
হে-ৰ মালতী কি হাঁহি হাঁহিছ,
যেনে পূৰ্ণিমাৰে জোন’ —এইটো নাম ভাল নহয়, আই আৰু এটা গাওঁ। এইটা নাম ভাল, তুমি শুনি থাকা। –
‘কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে,
কুটুমে কুটুমে খালে!
কুটুমৰ তেজেৰে ব–ন্তি লগালে,
মজিয়া ভকে ভকালে’ – আই, দেউতাক কবা, সূৰ্য্য গল বুলি দেই। আজি মোৰ সখী আহিলে মোক গালি পাৰিব আই মই তোমাৰ লগতে শোওঁ; তুমি মোৰ ওকনি পিলিকা, মই ঘোষা গাওঁ –
‘কিমতে ভকতি কৰবোঁ তোমাতে হৰি এ,
মই মূঢ়মতি নেজানে। তাৰ উপায় – মানুহে কয় বোলে