পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিপদৰ ওপৰত বিপদ

৫৩

হৰদত্তৰ পতিব্ৰতা স্ত্ৰীয়ে এই অৰণ্যতো অকপটচিত্তে ভক্তিভাৱে আগৰ দৰেই স্বামীৰ সুশ্ৰষা কৰি আছে; এনেতে এদিন হঠাতে এক আথা- ন্তৰ মিলিল ৷

 এদিন ৰাতিপুৱা হৰদত্তৰ ঘৈণীয়েক গা ধুবলৈ ওচৰৰে; এটি পৰ্ব্ব- তৰ জুৰিলৈ পদুমক লগত লৈ গৈছিল। জুৰিটীৰ ওপৰত কাষৰ গছ এজোপাৰ ডাল এটা ওলমি জুৰটীক, আবৰি ধৰি আছে; দেখিটে এনেহে বোধ হয় যে গছ জোপাই জুৰিটীক আপোনাৰ বস্তু হেন ভাবি হাত মেলি সাবত মাৰি ধৰিহে আছে, কাকো ওচৰলৈ আহিব নিদিয়ে। জুৰিটীয়েও গছৰ বুকুত সোমাই নলৈ ৰং পাই কুল্ কুল্ কৈ গীত ধৰিছে। চৰাই বিলাকে কোঢ়াল কৰি চাৰিউ ফালে উৰি বনাই ফুৰিছে। এনে সময়ত পদুমে সৈতে পদুমৰ মাক পানী আনিবলৈ সেই জুৰিলৈ গৈছিল পদুমে জুৰিটীৰ ৰং ৰূপ চাই ক্ষন্তেকৰ নিমিত্তে শোক দুখ পাহৰি ওচৰতে ঠিয় হৈ আছে, মাকে ওপৰৰ পৰা কুল্ কুল্ কৈ বৈ অহা পানী, কলহ পাতি ধৰিছে। এনেতে সেই ওলমি থকা গছৰ ধালৰ পৰা এটা হিংসুক সাপে মাকৰ তালুতে বৰ খঙ্গেৰে খোট্ মাৰি দিলে খোট্ মৰা মাত্ৰকে তেওঁ “পদুম“ বুলি লুটি খাই পৰি অচেতন হল। পদুমে “হায় কি হল !” বুলি চিয়ঁৰ মাৰি তেওঁক সাৱত মাৰি ধৰিলে। কিন্তু কি হব, তেওঁৰ দেহ-সজ্জাৰ পৰা প্ৰাণ পখী আৰু পলাল ৷ পদুমে লৰাই চৰাই দেখিলে যে মাকৰ ধাতু নাই! --পদুম মুৰ্চ্ছিত হৈ পৰিল! অলপ বেলিৰ মূৰত জ্ঞান পাই “আই, পদুমক এৰি কলৈ গলা“ বুলি আৌে মুচ্কছকৈ পৰিল!

 হৰি হৰি বিধি ! এজনী ছোৱালীৰ নিমিত্তে তুমি কত দুখ থৈছাঁ? তেওঁৰ বুকুৰ ধনটি কাঢ়ি নি তোমাৰ হেপাহ পলাল, শেহত মুখ