পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দশম অধ্যায়

বিপদৰ ওপৰত বিপদ

“One woe doth tread upon another's heel,

So fast they follow – " - Ham]et

 জগতৰ কি অপৰূপ নিয়ম কব নোৱাৰি, ধাৰ্ম্মিক আৰু নিৰ্দ্দোষী মানুহক যত আপদ আছে, সোপাই বেঢ়ি ধৰ। দুষ্টই কত অপ- কৰ্ম্ম কৰি গা সাৰিব তাৰ ঠিক নাই, কিনতু সন্তই হেজাৰ সৎপথত থাকি কাৰ্য্য কৰক তথাপি তেওঁ দুখ-জালেৰে মেৰ খায় জনক নন্দিনী সীতাই স্বামী ৰামৰ চৰণৰ বাহিৰে একোকে নেজানিছিল, তেনে সাধ্বী সীতাৰ দুখতে কাল গল। দময়ন্তীয়ে নো নলৰ চৰণ সেঙি কিমান সুখ পালে? শ্ৰীবৎসৰ পত্নী চিন্তাৰ নো লৈলৈৰ-থৈথৈৰ কিবা অন্ত আছিল নে? কবলৈ গলে এনেকুৱা কত আহি আহি আগত উপস্থিত হয়হি যে, এটা এটাকৈ দেখুৱাই গলে শেষ নপৰে। অৱশ্যে আমাৰ চকুত অমিল এনে কথাৰ যে কিবা গুঢ়াৰ্থ আছে, তাত অলপো সন্দেহ নাই। ঈশ্বৰে বা কি অভিপ্ৰায়ে তেনে কৰে, আমি বা অল্পমতি মানুহে কি বুজো কোনে কব? যাক আমি ঈশ্বৰ বোলো, যাৰ নাম দয়ালু, যি সত্য স্বৰূপ আৰু ন্যায়বান, তেওঁৰ ৰাজ্যত অন্যায় অসত্যৰ শেহত নিশ্চয় পতন। ধাৰ্ম্মিক লোকৰ ধৰ্ম্মৰ পৰিক্ষা কৰিবলৈ, ন্যায়বানৰ ন্যায় জুখিবলৈ, সত্যবানৰ সত্যনিষ্ঠাৰ প্ৰমাণ চাবলৈ তেওঁ এনেবিলাক ফন্দি পাতে আমি ক্ষুদ্ৰ বুদ্ধি লোকে বুজিব নোৱাৰি তাত ইমানবিলাক দোষ আৰু অনিয়ম দেখোঁ।

 সি যি হওক, আমি এতিয়া আমাৰ কবলগীয়া কথা কওঁহঁক