পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদুম

৫১

ভুটীয়া চৰ্দ্দাৰৰ জীয়েক কুৰ্ম্মীয়ে যিদিনাখনৰে পৰা পদুমে সৈতে সখি বন্ধালে সেই দিনাখনৰে পৰা তাই পদুমৰ মৰমতে মৰা হল। ৰাতৰি কেদাড়হে কুৰ্ম্মী পদুমেৰে এৰা এৰি হৈ থাকে, ৰাতি পুৱালে বুলিলেই আহি পদুমৰ উচৰ ওলালহি। পদুমক বেজাৰ কৰি থকা দেখিলে তাই কত বুজাই কত প্ৰবোধ দিয়ে, কত গালি পাৰে; পদুম ঘাইকৈ কিহত ম্ৰিয়মান হৈ অ্যাছে, এই কথা কুৰ্ম্মীয়ে নেজানি পদুমক কয় “ঐহখি, তুৰনু কিহত আকৌ ইমানকৈ ৱেজাৰতো আৰু? মুৰ ঘৰেই তুৰ ঘৰ, মৰ মানুহেই তুৰ মানু, তুৰ গাওঁতকৈ মুৰ গাওঁত তই থাকি হুখ পাবি; মূৰ হৈতে তই উম্ লিবি ; হৌ পৰ্ব্বতত তয়ে ময়ে উঠিম, পুল চিঙ্গিম, মলা সিঙ্গিম, তয়ো পিন্ধিবি ময়ো পিন্ধিবি; গাওঁত হকলুই তুম মৰম কৰিব। মুৰ বাপেকক মুই কৈছোঁ তহঁতিক হোনকালে ইয়াৰ পৰা আমাৰ ঘৰলৈ নিব আৰু হখি তই আকৌ বেজাৰ নকৰিৱবি; তই বেজাৰ কিৰিলি বুৰো বেজাৰ লাগে, তই কান্দিলি মুৰো কান্দুন আহে৷“ এইদৰে কুৰ্ম্মীয়ে পদুমৰ মনৰ বেজাৰ গুচাবলৈ দিন দিনটো কত উপায় উলিয়াই থাকে তাৰ অন্ত নাই৷ কেতিয়াবা সিহঁতৰ পৰ্ব্বতৰ গীতকে গাব, কেতিয়াবা সাধুকথাকে এটা কব, কেতিয়াবা কিবা এটা বস্তুকে খাবলৈ আনি দিব, কেতিয়াবা বনৰীয়া ফুল চিঙ্গি আনি মলা গাঁথুি পদুমৰ খোপাত পিন্ধাইকে দিব, কেতিয়াবা বা সোণপৰুৱা ধৰি আনি কপালত ফোট পিন্ধাব ইত্যাদি প্ৰকাৰে কুৰ্ম্মীয়ে পদুমৰ মন ভালে ৰাখিবলৈ যত্ন কৰি থাকে, ৷ কুৰ্ম্মী ওচৰত থাকে মানে পদুমে ৰং মনে থাকে আঁতৰ হলেই আকৌ শোক-ডাৱৰে পদুমক ঢাকি পেলায়, আকৌ চকুৰ পৰা বেজাৰ বৰষুণ পৰিবলৈ ধৰে৷