পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰবেশ

বেলতলা নামেৰে ঠাই ষাঠি হেজাৰ শিষ্যৰে বেঢ়ি থকা মহামুনি গান্ধৱৰ বেদধ্বনিৰে প্ৰতিধ্বনিত হৈছিল; পূজনীয় গোকৰ্ণঋষিৰ সামবেদ গীতত যি গুৱাহাটীৰ হয়গ্ৰীব মাধবৰ কাণ আপ্লুত হৈছিল, এনে গুৱাহাটীত হৰদত্ত নামেৰে এজন ধনী, প্ৰতাপী, সম্ভ্ৰান্ত কায়স্থ কুলীয়া লোক ১৭১৭শঁকত বসতি কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত:- তেওঁৰ অতি গুণৱতী আৰু ধাৰ্ম্মিক সহধৰ্ম্মিণী, এটা লৰা এজনী ছোৱালী আৰু বীৰদত্ত নামে ভয়েক। সেই সকলৰ কথা কোৱাৰ আগেয়ে হৰদত্তৰ বিষয়ে অলপ কোৱা যাওক।

 আমি যি সময়ৰ কথা কবলৈ আৰম্ভ কৰিছোঁ, সেই সময়ত হৰদত্তৰ বয়স ১৬ বছৰ। তেওঁৰ চকুত ডেকা কালৰ তেজ, বহল বগা কপালত ওখ আশা, শকত হাত - ভৰিত দৃঢ়তা, মনত বীৰত্ব, অসীম উদ্যম, অদম্য কাৰ্য্যকৰী শক্তি, তেজ, বীৰ্য্য অৰু বল সদাই বৰ্ত্তমান। তেওঁক কেতিয়াও নেদেখা, তেওঁৰ নাম নুশুনা এটা মানু- হেও যদি তেওঁক হঠাৎ দেখে; সেই মানুহৰ মনতো তেওঁৰ প্ৰতি ভয়, ভক্তি আদি ভাব নহৈ নোৱাৰে। তেওঁৰ গহীন মাত, ওখ আৰু শকত আকৃতি, গধুৰ আৰু জুখি জুখি কোৱা কথা। যেনেকৈ ডাঠ মনৰ মানুহটো নহওক, দুষাৰ কথাৰে মোৰাব পৰা ক্ষমতা, লোকক তধা লগোৱা কাৰ্য্য, আপোনাৰ কথা প্ৰাণপণে ৰখা স্বভাৱ আদিক দাম্পত্যপ্ৰণয় অপত্যস্নেহ, বন্ধু-বান্ধৱৰ প্ৰতি আগ্ৰহ স্বদেশ প্ৰিয়তা প্ৰভৃতি কোমল ভাবে গৌৰৱান্বিত কৰি থৈছিল৷ দুৰ্দ্দান্ত বিদ্ৰোহী মোৱামৰীয়াবিলাকৰ হাতত তেওঁৰ প্ৰিয় জন্মভূমি গুৱাহাটী লণ্ডভণ্ড নোহোৱাকৈ ৰাখিবলৈ তেওঁৰ অতি যত্ন থকা তেওঁ দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণে সৈতে গোট খাই যুদ্ধ বিদ্যাত লিপ্ত থাকিব লগত পৰিছিল দেখিয়েই, তেওঁ স্বভাৱত কেতিয়াবা