পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদুম

৪৯



আহোমৰ হাততে এৰি থৈ হৰদত্তই আপোনাক ধন্য মানিব। বন্ধু- সকল ! হৰদত্তই মাতৃভূমি দুৰাত্মা আহোমহঁতৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি আত্মহত্যা কৰিব, তথাপি তেওঁক এনে কাৰ্য্য কৰিবলৈ তোমালোকে নকব।“

 হৰদত্তৰ এই বীৰোচিত কথা শুনি, বীৰদত্ত আৰু মন্ত্রীসকল নিস্তব্ধ নিমাত হৈ জয় পৰি তললৈ মূৰ কৰিলে । আৰু সেই ভূটীয়া চৰ্দ্দাৰে “মিতা তই ভাল কৈছ, ভাল কৈছ, তই বৰ ভাল মিতা আছে” বুলি প্রশংসা কৰিবলৈ ধৰিলে ।


নৱম আধ্যয়

পদুম

"With orient pearl, with ruby red,

With marble white, with sapphire blue,

Her body every way is fed,

Yet soft in touch and sweet in view:

Heigh ho, fair.....................!

Nature herself her shape admires;

The gods are wounded in her sight;

And love forsakes his heavenly fires

And as her eyes his brand dorh high.

T.Lodge