পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮

পদুম কুঁৱৰী


কতদিন কষ্ট ভূগি থাকিমহঁক; কষ্ট দূৰ কৰিবৰ উপায় অৱলম্বন নকৰিলে নহয়। এই অৱস্থাত থাকি যে আহোমৰ বিৰুদ্ধে উঠি আমাৰ দেশ উদ্ধাৰ কৰিব পাৰিম, সি কেতিয়াও নহয় আমাৰ সৈন্য-সামন্ত লগৰীয়া ছিন্-ভিন্ হৈ নষ্ট হল, আৰু অধিক ভাগক শত্ৰুৱে হাত দিলে। এতেকে এনেস্থলত আমি নতুন উপায় অৱলম্বন কৰা নিতান্ত কৰ্ত্তব্য। আমি স্থিৰ কৰিছোঁ যে আমি পঞ্জাবলৈ গৈ পঞ্জাৱকেশৰীৰ শৰণ পশে গৈ। আমাৰ (দশৰ সকলো দুৰৱস্থা তেওঁক জনাই আহোমৰ হাতৰ পৰা তেওঁ ৰাজ্য লবলৈ তেওঁক খাটোগৈ। উন্নতমনা দয়ালু মহাবলী পঞ্জাবসিংহই আৱশ্যে আমাৰ কথালৈ কৰ্ণ- পাত কৰিব।“

 মন্ত্ৰীসকলৰ এই পৰামৰ্শ শুনি হৰদত্তই কিছুমান পৰ তলকা মাৰি থাকি মেঘগম্ভীৰ স্বৰেৰে কবলৈ ধৰিলে—“মোৰ মৰমৰ বীৰ আৰু মন্ত্ৰীসকল৷ “তোমালোকৰ মন্ত্ৰণা যে সম্পূৰ্ণ যুক্তিযুক্ত তাত অলপো সন্দেহ নাই; কিন্তু হৰদত্তৰ শৰীৰত প্ৰাণ থাকে মানে এনে কাম কৰিবলৈ তেওঁ কেতিয়াও আগ বাঢ়িব নোৱাৰে। স্বৰ্গাদপি গৰীয়সী জন্ম ভূমি যে তেওঁ বিশ্বাসঘাতক হৈ এজন বিদেশী ৰজাৰ হাতত সমৰ্পণ কৰিব এনে কথা তেওঁ স্বপ্নতো মনত ঠাই দিব নোৱাৰে। কোনে জানিছে, কি জানি এই কাৰ্য্যৰ দ্বাৰায় তেওঁৰ জননীক বাঘৰ হাতৰ পৰা সিংহৰ হাতত হে পেলাই দিয়া হয়? এক ৰাক্ষসৰ গৰাহৰ পৰা কাঢ়ি নি কিজানিবা জন্ম ভূমিক তাতোকওৈ এক দুৰন্ত ৰাক্ষসৰ গৰাহত হে পেলাই দিয়া হয়? হায়! এনে ভয়ানক কাম হৰদত্তৰ শৰীৰত একবিন্দু ৰক্ত থাকে মানে, হৃদয়ত এক ধনিষ্টমানো মনুষ্যত্ব থাকে মানে, হৈ উঠা অসম্ভৱ৷ হৰদত্তৰ মাতৃভূমি, নতুন আৰু অচিনাকি পঞ্জাবীৰ হাতত সমৰ্পণ কৰাতকৈ পুৰণি চিনাকী