পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উপাই কি

৪৭


শুই টোপনিৰ সুখ লভিবলৈ ধৰিলে । অবিশ্বাসী, মুখে-এটা পেটে-এটা, খোচামোদকাৰী আৰু কপটীয়া বন্ধুসকলৰ মাততকৈও বাঘ-ভালুকৰ গোজৰণি তেওঁৰ কাণত অধিক মধুৰ আৰু বিশ্বাসৰ যােগ্য যেন লাগিছিল । চকুৰ আগতে দেশৰ দুৰৱস্থা আৰু স্বজাতিৰ দুৰ্গতি দেখি থকাতকৈ তেওঁৰ মনত নিৰ্জ্জন অৰণ্যত থকা এশ গুণে শ্ৰেয়ঃ হৈছিল । কেতিয়াবা কেতিয়াবা পৰ্ব্বতীয়া মানুহৰ সৈতে সাক্ষাৎ হলে সিহঁতৰ সৰলতা, আৰু অমায়িকতাত তেওঁ মোহিত হৈ যায় । এটা ভুটীয়া চৰ্দ্দাৰে সৈতে তেওঁৰ তাতে বন্ধতাক হৈছিল। সি তেওঁবিলাকক খাবলৈ বস্তু আনি আনি দিছিল , আৰু বৰ পুতৌ কৰিছিল । চৰ্দ্দাৰৰ দুটি ল’ৰা ছোৱালী আছিল, সিহঁতক চৰ্দ্দাৰে ৰঘুথ আৰু পদ্মেৰে সৈতে সখি বন্ধাই দিয়াইছিল । লৰাটোৰ নাম কোৰ্ম্মা, অৰু ছোৱালী জনীৰ নাম কুৰ্ম্মী আছিল।

 কোৰ্ম্মাৰে সৈতে ৰঘুৱে, আৰু কুৰ্ম্মীৰে সৈতে পদুমে, সখি বন্ধাইছল । সিহঁত দেখিবলৈ বাহিৰে যেনে হৃষ্ট, পুষ্ট আৰু বলিষ্ঠ, ভিতৰেও তেনে সৰল আৰু সৎ ৷ দেখিবলৈ দুয়ো বগা আৰু শুৱনী। বয়সৰ কোৰ্ম্মা ৰঘুৰ সমনীয়। আৰু কুৰ্ম্মী পদুমৰ সমনীয়া । কপটতা আৰু শত্ৰুতা কাক বোলে সিহঁতে কব নোৱাৰে । মিছা মৰম, মিছা ভালপোৱা মিছা বন্ধুতাৰ সিহঁতে ধাৰ নেখায় । যাক ভালপায় তাক সিহঁতে মৰি-মজি ভাল পায়, যাৰ সৈতে বন্ধুতা কৰে, তাৰ সৈতে কেতিয়াও নিছিগা বন্ধুতাৰ লোৰ শিকলীৰে বান্ধ খায়। বন্ধুৰ হৈ সিহঁতে নিজৰ; ডিঙ্গিটো সদাই আগ কৰি লৈ ফুৰাব ৷

 এনে অৱস্থাত হৰদত্ত আছে। এদিন বীৰদত্তকে প্ৰমুখ কৰি তেওঁৰ সকলো মন্ত্রীসকলে তেওঁক কলে যে “আমি এই দৰে আৰু