পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অষ্টম অধ্যায়

উপায় কি ?

 ?

" Amid, my most noble friends, I pray you all,

Speak plainly your opinions of our hopes:

---

King Henry the Fourth

 হৰদত্ত তেওঁৰ পৰিবাৰ আৰু লগৰীয়া সকলৰ সৈতে পলাই গৈ ভোটৰ পৰ্ব্বতৰ দাঁতিত এডোখৰ হাবিৰ মাজত লুকাই আছে ! বৰ- ফুকনে ইপিনে তেওঁৰ ফালৰ মানুহ যাক যাক পালে তাক তাক ধৰি দণ্ড কৰিলে আৰু তেওঁক ধৰিবলৈ চাৰিউফালে মানুহ পঠালে । তেওঁ ভোটানৰ ফালে পলাই যোৱা বাতৰি পাই বৰফুকনে স্বয়ং তেওঁক খেদি গল। কিন্তু তেওঁ যেনে ঠাইত আশ্ৰয় লৈছিল তেনে, ঠাইৰ পৰা তেওঁক বিচৰি উলিওৱা বৰ টান কাম বাঘ ভালুক আদি প্রকৃতিৰ সন্তান বিলাকেৰে, সৈতে প্ৰকৃতিৰ কোলাৰ হৰদত্তই আশ্ৰয় লৈ কাল কটাবলৈ ধৰিলে ৷ মানুহৰ সমাজ, মানুহৰ লগ সঙ্গতকৈ বনৰীয়া জন্তুৰ লগ-সং তেওঁৰ পক্ষে অতি সুখকৰ হল । ওচৰ চুবুৰীয়া আৰু বন্ধু-বান্ধৱেৰে পৰিবৃত থাকি তেওঁ মনত নিমান অশান্তি লভিছিল , প্রকৃতিৰ বিৰল কোলাত হিংস্র জন্তুবিলাকেৰে পৰিবৃত থাকি তেওঁ সিমান শান্তি লভিছিল। পৰ্ব্বতৰ গহ্বৰ, কাম- ৰূপৰ তেওঁৰ ৰম্য ঘৰতকৈ তেওঁ শ্রেষ্ঠ জ্ঞান কৰিছিল। আলু-কচু, গছৰ ফল-মূল ঘৰৰ মিষ্টান্ন পঞ্চামৃততকৈও তেওঁৰ মুখত সোৱাদ লাগিছিল। দুদ্ধফেন সদৃশ শয্যাত পৰি তেওঁ চকুৰ টিপ নমৰাকৈ ৰাতি কটাইছিল, কিন্তু এতিয়া সুদা মাটীত তেও মনৰ সুখেৰে