পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বৰলে মন্ত্রনা

৪৫


  হৰদত্ত ৷-- বীৰ, এতিয়াই তুমি সেনাপতিক যুদ্ধৰ সকলো আয়ো- জন কৰিবলৈ কৈ দিয়া ; কাইলৈ ৰাতি দুপৰত বৰফুকনক ঘৰ বেৰা দি ধৰি বন্দী কৰি আনিব লাগিব ।

 ৰঘু – কাইলৈ, কাইলৈকে চোছৰাই চোছৰাই দেউতাই যি কৰে কৰক, মই হলে তেনে কথাত নাই।

 ৰঘুৰ এই কথাত হৰদত্তই কিবা কব খোজোতেই এটা চৰ লৰি আহি জান দিলেহি যে কলীয়া ভোমোৰা বৰফুকনে তেওঁক আৰু তেওঁৰ লগৰীয়া বিদ্ৰোহীসকলক ধৰিবলৈ স্বয়ং সৈন্য লৈ আহিব লাগিছে, তেওঁবিলাক তৎক্ষনাত নপলালে অথন্তৰ মিলিব ।

 এই কথা শুনা মাত্রকে তেওঁবিলাক ব্যতিব্যস্ত হৈ পৰিল, আৰু সেই মূহুৰ্ত্তত তাৰ পৰা পলাই যাবলৈ ঠিক কৰিলে । তৎক্ষনাত হৰ- দত্তই তেওঁৰ ঘৈণীয়েক, জীয়েক, পুতেক আৰু মন্ত্রীসকলক লৈ ভােটা- নৰ ফালে পলাল । ৰাজকোঁৱৰে বিসঙ্গতি দেখি ঘোৰাত উঠি আপােন ৰাজ্য কোচবিহাৰলৈ ছুটি মেলিলে । আন আন বিদ্রোহী বিলাকো যেনিয়েই পাই তেনিয়েই পলাই পত্ৰং দিলে ।