পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৪

পদুম কুঁৱৰী


কাৰ্য্যত ধৈৰ্য্যৰ আৱশ্যক । পাপীষ্ঠ আহােমবিলাকৰ অত্যাচাৰ মই অতদিন পাৰোঁতে সহি আছোঁ বুলি তোমালোকে ভাবিছা নে ? স্বদেশৰ স্বজাতিৰ দুর্গতিত মোৰ বুক ফাটি চিটাচিট হোৱা নাই বুলি আছা নে ? পাষণ্ডহঁতৰ দৌৰাত্যত মোৰ গাৰ তেজ বক্ বক্ কৈ এতিয়াও উতলা নাই বুলি জানিছা নে ? সতী তিৰােতাই সতীত্ব ৰত্ন ৰাখিব নোৱাৰি কন্দা চিয়ঁৰ মােৰ কাণত এতিয়াও সোমোৱা এই বুলি ভাবিছা নে ? ধনীৰ ধন, মানীৰ মানৰ লগত মোৰ নিজৰ ধন-মান হেৰুৱা নাই বুলি তোমালোকে জানিছা নে ? উস! যদিও আজিলৈকে মোক আহােমে অলপাে অপকাৰ কৰা নাই, তথাপি মোৰ দেশী ভাই সকলৰ অপকাৰক মই মোৰ নিজৰ অপ- কাৰহেন বুলি ভবা নাই বুলি তোমালোকে বোধ কৰিছা নে ? হা ঈশ্বৰ! মোৰ দেশৰ দুৰাৱস্থাত মােৰ চকুত টোপনি নাই, পেটত আহাৰ নাই, মনত শান্তি নাই—তথাপি এনেস্থলতো মই হঠাৎ হুৰা মুৰাকৈ আহোমৰ বিপক্ষে উঠিব পৰা নাই কেলৈ ? হঠাৎ কোনো কাম কৰিলে সি সিদ্ধ হল যদি হলেই নহল যদি তেনেই ভ্রষ্ট হয়৷ বিশেষকৈ ৰজাৰ বিপক্ষে যুজিবলৈ উঠাৰ নিচিনা এটা ডাঙ্গৰ কাৰ্য্য হঠাৎ কৰা কাৰ্য্য নহয়। আগেয়ে ভাবিছিলো পদুমৰ বিয়াৰ পাছত এই কাৰ্য্য কৰা যাব; কিন্তু এতিৱা পদুমৰ বিয়া স্থগিত ৰাখি এই কাৰ্য্যতহে আগেয়ে লাগিব লগা হল যেন দেখিছোঁ৷ ইশ্বৰ আছে, তেওঁৰ ওপৰতে আমাৰ সম্পূৰ্ণ নিৰ্ভৰ ; তেওঁ অৱশ্যে আমাৰ কাৰ্য্য সফল কৰিব ।

  ৰাজকোঁৱৰ । – এই কথা অৱশ্যে অতি সুন্দৰ ইয়াক আমি সম্পূৰ্ণৰূপে সমর্থন কৰোঁ।