পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদুম কুঁৱৰী


ডালি বেন কোমল হাতটি মূৰটিৰ ভৰত ভাঙি নেযাব নে? শিলে বন্ধোৱ বুকুৱেও সহিব নোৱাৰা ইমান একোটা হাৰ-মূড় ভাগি যোৱা দীঘল হুমুনিয়াহ লৱনুৰে সজা এই কোমল হিয়াৰ পৰা কেনেকৈ ওলাইছে? ভোমোৰাৰ কঁকালটিৰ নিচিনা সৰু সেই কঁকালটিয়ে তেওঁৰ বুকুৰ ভৰ সহিব নোৱাৰি হালি পৰিছেনে কি? দাম কল পুলি যেন সেই উৰু সেই শকত নিতম্ব আজি অলস আৰু অব কিয়? পদুমৰ ফুলৰ চিনেৰে শুননি ভৰি! চন্দ্ৰৰ চিনেৰে সুশোভিত নখ। আজি তোমাৰ পদুম কি হল? চম্পাৰ কলি যেন আঙ্গুলী চেনেহৰ প্ৰতিমূৰ্ত্তি পদুমৰ, মৰমৰ আঁবৰ পদুমৰ, জোন যেন চিকোণ পদুমৰ, পতি ৰ মন্দিৰ পদুমৰ আজি এনে অৱস্থা কিয় অকস্মাৎ পূৰ্ণিমাৰ জোনটিৰ বেজাৰ-ৰাহুৱে কিয় গিলিলে? দেবী-দল মেঘত লগা সোণৰ কলচীৰ ওপৰত হঠাৎ আজি চিন্তা-বজ্ৰপাত কি হল? চেনেহ প্ৰতিমাত টাঙ্গোন লগাবলৈ শোক পাৰাসুঠান আজি কৰপৰা আহি ওলালহি? মৰম-পুখুৰী আজি বেজাৰ বিহেৰে ভৰিল কেনেকৈ?

 প্ৰকৃতিৰ কাম্যবন আকাশ-লঙ্ঘা পৰ্ব্বত মালাৰে মেৰখোৱা, ব্ৰহ্ম পুত্ৰৰ পবিত্ৰ পানীৰে ধুতি অলেখ তীৰ্থস্থানেৰে ভৰপূৰ কামৰূপৰ প্ৰধান নগৰ গুৱাহাটীত, ৰাৰ প্ৰাগজ্যোতিষ নাম পৃথিবীত প্ৰখ্যাত ৰে ৰজা, ষোলহেজাৰ কন্য়াৰ অধিপতি পৃথিবীত পুত্ৰ নৰকসুৰ মাৰু মহাভাৰতৰ যুদ্ধৰ মহাবীৰ ভগদত্ত, যি গুৱাহাটীৰ নীলাচল পৰ্ব্বতত মহামায়া ভগৱতীক প্ৰধান পীঠস্থান কামাখ্যা বৰ্ত্তমান; যাৰ পশ্চিম-দক্ষিণ ফালে প্ৰাচীন ৰাজ্যৰ বিজয় ঘোষণা কৰি নৰকাসুৰ পৰ্ববত নিৰ্ভয় চিত্তে ঠিয় হৈ আছে; যাৰ অগ্নিকোণৰ সন্ধ্যাচল পৰ্ব্বত তিনিও সন্ধ্যাৰে পবিত্ৰমন বশিষ্ঠ মুনিৰ আশ্ৰম যি গুৱাহাটীৰ