পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰৱেশ

এখন তুলি, এখন তলত পৰা, এটা গাৰু আৰু এখন কাপোৰ। সেই খোটালিটোত কাপোৰ থোৱা দাঁড়, পিকদাণ, চৰিয়া, লোটা আৰু বাটি প্ৰভৃতি এনে ভালেমান বস্তু আছে, যিবিলাক সকলো ভাল মানুহৰ জীয়াৰীৰ শোৱা-ঘৰত থাকে। এইবিলাক বস্তু আৰু তাক থোৱা গঢ় দেখিলে যে ঘৰৰ গৰাকীয়নী অতি পবিত্ৰ, কোমল সজ স্বভাৱৰ ছোৱালী এনে ভাব মনত নেখেলাই নেথাকে।

সেই ছোৱালী কোন? কেলৈ তেওঁ এই দুপৰৰাতি ভাবি চিন্তি অস্থিৰ? কিয় তেওঁ শোৱাপাটীত, শোৱাৰ পৰিৱৰ্ত্তে, বহি গাৰুত আউজি, গালত হাত দি, বেৰৰ ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একথেৰে ৰ-লাগি চাই আছে? তেওঁৰ চকুৰ পৰা দুধাৰি ফটিকৰ নিচিনা পকা গোলাপীজামু যেন গালেদি কি বৈ আহিছে? কিয় বা তেওঁ থাকি থাকি একোটা হুমুনিয়াহ কাঢ়িছে? হায়! ন-কৈ ফুলা গোলাপ ফুলটি যেন ধুনীয়া আৰু মধুৰ ১৪ বছৰীয়া ছোৱালীটিৰ আজি কি হল? যাৰ মুখ সদায় প্ৰসন্ন, যি হাঁহিলে সৰিপৰা বকুল ফুলটি ঠাৰিত থকাৰ ফাকৰ পৰা চালে যেনে দেখি তেনে চিকুণ থোৰ দুটি দুফালে দুখন গালত ওলাই পৰে, যাৰ মাতত মৌ বৰষে, যাৰ ওঠ দুটি ডালিম ফুল যেন টিকটিক কৰে ৰঙা, দাঁত দুপাৰি যাৰ মুকুতাৰ মালা দুধাৰি যেন, যাৰ নাকৰ উপমা দিবলৈ বস্তু নাই, চেলাউৰি দুডাল যাৰ লেখনীৰে লেখা যেন, চকুযোৰ যাৰ নিৰ্ম্মলতা, পবিত্ৰতা আৰু চেনেহৰ পোহৰেৰে সদায় পোহৰ, যাৰ বহল আৰু মিহি কপালত কেকোৰা-কেকোৰ চুলি পৰি থকা দেখিলে দেখোঁতাজন মোহ যায়, যাৰ কাণ আৰু গলধনে সৈতে ডিঙিটি দেখিলে জলকুঁৱৰী বুলি ভ্ৰম হয়, এনে অপেশ্বৰীটিৰ, এনে প্ৰতিমাটিৰ, এনে পাৰিজাত ফুলটিৰ আজি কি হল? আহা! পদুমৰ নলা